জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
শ্বাফিকা হাবিবি
শ্বাফিকা হাবিবি (Shafiqa Habibi) আফগানিস্তানৰ এগৰাকী সাংবাদিক, টেলিভিছন এংকৰ, কৰ্মী, ৰাজনীতিবিদ। মহিলা সাংবাদিকসকলক সহায় কৰাৰ বাবে কৰাৰ বাবে, আৰু ২০০৪ চনত আফগানিস্তানৰ উপ-ৰাষ্ট্ৰপতিৰ বাবে আব্দুল ৰছিদ দস্তুমৰ ৰানিং মেট হিচাপে প্ৰাৰ্থীত্ব লাভ কৰাৰ বাবে তেওঁ পৰিচিত।
-
শ্বামিন মান্নান
শ্বামিন মান্নান হিন্দী টেলিভিছনত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। কালাৰ্ছ টিভি নাট্য ধাৰাবাহিক সংস্কাৰ – ধৰোহৰ আপনো কি (২০১৩–১৪)ত ভূমি বৈষ্ণৱৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বেছিকৈ পৰিচিত হৈছে।
-
শ্বাশ্বতী সেন
শ্বাশ্বতী সেন এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ এটা ধাৰা, কথকৰ প্ৰসাৰক। পণ্ডিত বীৰজু মহাৰাজৰ জ্যেষ্ঠ শিষ্যা আছিল তেওঁ আৰু এতিয়া নতুন দিল্লীৰ জোৰবাগ জিলাৰ কলাশ্ৰম ইনষ্টিটিউটত তেওঁ অধ্যাপনা আৰু নৃত্য পৰিৱেশন কৰে।
-
শ্বাহলা জিয়া
শ্বাহলা জিয়া (Shahla Zia; ১২ ফেব্ৰুৱাৰী ১৯৪৭ – ১০ মাৰ্চ ২০০৫) শ্বেহলা জিয়া নামেৰেও পৰিচিত৷ তেওঁ এগৰাকী পাকিস্তানী অধিবক্তা আৰু সমাজ কৰ্মী৷ তেওঁ মহিলাৰ অধিকাৰৰ পোষকতা কৰাৰ বাবে পৰিচিত।
-
শ্বাহেদা মুস্তাফিজ
শ্বাহেদা মুস্তাফিজ (বাংলা: শাহেদা মুস্তাফিজ) (জন্ম: ১৯৪৯) বাংলাদেশৰ প্ৰথম মহিলা কম্পিউটাৰ প্ৰ'গ্ৰামাৰ।
-
শ্বাৰ্ল পেৰ'
শ্বাৰ্ল পেৰ’ (ইংৰাজী: Charles Perrault; ১২ জানুৱাৰী ১৬২৮ – ১৬ মে’ ১৭০৩) আছিল এগৰাকী ফৰাচী লেখক আৰু ফৰাচী একাডেমীৰ সদস্য। তেওঁ পূৰ্বৰ লোককথা বা সাধুকথাৰপৰা সমল লৈ ১৬৯৭ চনত প্ৰকাশ কৰা ইষ্টোৱাৰ উ কঁত দ্যু তঁ পাছে নামৰ কিতাপখনৰ জৰিয়তে এক নতুন সাহিত্যিক ধাৰা অৰ্থাৎ সাধুকথাৰ আধাৰশিলা স্থাপন কৰিছিল।
-
শ্বাৰ্ল ব'দলেৰ
শ্বাৰ্ল-পিয়েৰ ব'দলেৰ (Charles Baudelaire,; ৯ এপ্ৰিল ১৮২১ – ৩১ আগষ্ট ১৮৬৭) আছিল এজন ফৰাচী কবি, প্ৰবন্ধকাৰ, অনুবাদক আৰু শিল্প সমালোচক। তেওঁৰ কবিতাসমূহ ছন্দ আৰু তালৰ সুনিপুণ প্ৰয়োগ, ৰোমাণ্টিকসকলৰ পৰা উত্তৰাধিকাৰ সূত্ৰে পোৱা এক বৈদেশিতা, আৰু বাস্তৱ জীৱনৰ নিৰীক্ষণৰ ওপৰত আধাৰিত বুলি বৰ্ণনা কৰা হয়।
-
শ্বে লিয়া
শানিচ দিলেইতা মহামেদ (জন্ম: ছেপ্টেম্বৰ ৮, ১৯৯৩), শে লিয়া নামেৰে পৰিচিত, হৈছে এগৰাকী ফ্ৰেঞ্চ-জিব্ৰুটিয়ান সংগীতশিল্পী, যি মণ্ট্ৰিয়েল, কুৱেবেকত স্থায়ীভাৱে বসবাস কৰে। তেওঁ বিশেষকৈ কেইট্ৰানাডাৰ সৈতে সহযোগিতাৰ বাবে পৰিচিত, আৰু তেওঁৰ প্ৰথম একক ইপি ডেঞ্জাৰাছ ২০১৯ পোলাৰিছ সংগীত বঁটাৰ বাবে মনোনীত হৈছিল।
-
শ্বেৰমি উলাহান্নান
শ্বেৰমি উলাহান্নান (ইংৰাজী: Shermi Ulahannan) কাবাডী খেলত ভাৰতৰ প্ৰতিনিধিত্ব কৰা এগৰাকী খেলুৱৈ। ২০১০ চনত গুৱাংঝোত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দলটোৰ সদস্য আছিল শ্বেৰমি উলাহান্নান।
-
শ্যাম কুমাৰী খান
শ্যাম কুমাৰী খান জন্ম: নেহৰু ( Shyam Kumari Khan; ২০ অক্টোবৰ ১৯০৪ – ৯ জুন ১৯৮০) এগৰাকী ভাৰতীয় অধিবক্তা, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ আৰু সমাজকৰ্মী। ১৯৬৩ চনৰ পৰা ১৯৬৮ চনলৈ তেওঁ ৰাজ্যসভাৰ সদস্য আছিল।
-
শ্যাম সুন্দৰ চক্ৰৱৰ্তী
শ্যাম সুন্দৰ চক্ৰৱৰ্তী (Shyam Sundar Chakravarthy; ১২জুলাই, ১৮৬৯ - ৭ ছেপ্টেম্বৰ, ১৯৩২) পশ্চিমবংগৰ এগৰাকী ভাৰতীয় বিপ্লৱী, স্বাধীনতা যুঁজাৰু আৰু সাংবাদিক। বেংগল প্ৰেচিডেন্সিৰ পাৱনাৰ ভাৰেংগাত (বৰ্তমান বাংলাদেশত) তেওঁৰ জন্ম হৈছিল।
-
শ্যামকুমাৰী দেৱী
শ্যামকুমাৰী দেৱী (Shyamkumari Devi) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁ ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাতো মধ্যপ্ৰদেশক প্ৰতিনিধিত্ব কৰি সংসদৰ সদস্য আছিল৷.
-
শ্ৰদ্ধা শশীধৰ
শ্ৰদ্ধা শশীধৰ (Shraddha Shashidhar) (জন্ম: ৩ ছেপ্টেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ দিভা ইউনিভাৰ্ছ ২০১৭-ৰ মুকুট পিন্ধিছিল আৰু মিছ ইউনিভাৰ্ছ ২০১৭-ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ নাইক, ইয়ামাহা ফেচিনো আদি ব্ৰেণ্ডৰ বাবে মডেলিং কৰি আহিছে।
-
শ্ৰীজা আকুলা
শ্ৰীজা আকুলা (Sreeja Akula; জন্ম: ৩১ জুলাই ১৯৯৮) এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০২২ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা ৮৩ সংখ্যক ছিনিয়ৰ নেচনেল আৰু আন্তঃৰাজ্যিক টেবুল টেনিছ চেম্পিয়নশ্বিপত তেওঁ মহিলাৰ একক আৰু ডাবলছ টেনিছৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় চেম্পিয়ন।
-
শ্ৰীৰূপা মিত্ৰ চৌধুৰী
শ্ৰীৰূপা মিত্ৰ চৌধুৰী (Sreerupa Mitra Chaudhury, জন্ম-১৮ এপ্ৰিল ১৯৬৪) জনপ্ৰিয়ভাৱে নিৰ্ভয়া দিদি নামেৰে পৰিচিত৷ তেওঁ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ পশ্চিম বংগৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেখেত এগৰাকী সমাজকৰ্মী, মহিলা অধিকাৰ কৰ্মী আৰু প্ৰাক্তন সাংবাদিক।
-
শ্ৰুতি কাপুৰ
ড° শ্ৰুতি কাপুৰ (জন্ম-২৫ ছেপ্টেম্বৰ) এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ, মহিলা অধিকাৰ কৰ্মী আৰু সামাজিক উদ্যোগী। তেওঁ ছেইফটি (Sayfty)ৰ প্ৰতিষ্ঠাপক,যি পদক্ষেপৰ লক্ষ্য হৈছে যুৱতী আৰু কিশোৰীক সকলো ধৰণৰ হিংসাৰ বিৰুদ্ধে শিক্ষিত কৰা আৰু তেওঁলোকক সবলীকৰণ কৰা।
-
শ্ৰুতি সদোলিকাৰ কটকাৰ
শ্ৰুতি সদোলিকাৰ কটকাৰ (: Shruti Sadolikar Katkar Shruti Sadolikar Katkar; জন্ম: ৯ নৱেম্বৰ ১৯৫১) জয়পুৰ-অত্ৰাউলি ঘৰৰ খ্যাল শৈলীৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় গায়িকা। ২০১১ চনৰ বাবে হিন্দুস্তানী কণ্ঠ সংগীতৰ বাবে সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।
-
শ্ৰুতি সীতাৰা
শ্ৰুতি সীতাৰা (Malayalam: ശ്രുതി സിത്താര; জন্ম ) এজনী ভাৰতীয় মডেল, অভিনেত্ৰী, আৰু LGBTQ+ অধিকাৰকামী। ২০১৮ চনৰ পৰা মডেলিং আৰম্ভ কৰিছিল সীতাৰাই। তেওঁ মিছ ট্ৰেন্স গ্ল’বেল ২০২১ৰ বিজয়ী, যাৰ জৰিয়তে তেওঁ আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতা জয় কৰা প্ৰথম ভাৰতীয় আন্তলিঙ্গ মহিলা হিচাপে পৰিচিত।
-
শ্ৰুবৱতী গোস্বামী
শ্ৰুবৱতী গোস্বামী (Srubabati Goswami) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞানত গৱেষণা কৰিছে। তদুপৰি জ্যোতিকণিকা পদাৰ্থ বিজ্ঞান আৰু নিউট্ৰিনো পদাৰ্থ বিজ্ঞানৰ লগতো তেখেত ঘনিষ্ঠভাৱে জড়িত।
-
শৰ্মিলা থাপা
শৰ্মিলা থাপা এগৰাকী ভাৰতীয় নাৰ্ছ আৰু সমাজকৰ্মী, যিয়ে একক মাতৃ আৰু গৃহহিংসাৰ বিৰুদ্ধে কাম কৰে।
-
শৰ্মিলা সৰকাৰ
শৰ্মিলা সৰকাৰ(Sharmila Sarkar; জন্ম: ১ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সংসদ সদস্য। তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সদস্য।
-
ষ্টেলা গ্ৰীগ’ৰিয়ান
ষ্টেলা গ্ৰীগ'ৰিয়ান ( Stella Grigoryan) এগৰাকী আৰ্মেনিয়ান শিল্পী, ভাস্কৰ্য্যশিল্পী আৰু শিক্ষয়িত্ৰী। তেওঁ ৪ নৱেম্বৰ, ১৯৮৯ চনত আৰাগৎসভানত জন্ম গ্ৰহণ কৰে।
-
ষ্টেলা নানচিকোম্বি মাকুবুয়া
ষ্টেলা নানচিকোম্বি মুকাছা মাকুবুয়া (Stella Nansikombi Makubuya), (১১ নৱেম্বৰ ১৯৬৭ – ৫ ছেপ্তেম্বৰ ২০১৮), উগাণ্ডাৰ এগৰাকী মানৱ অধিকাৰ অধিবক্তা, আৰু মহিলা অধিকাৰ কৰ্মী যি আন্তঃৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰ (ICRW) ত আফ্ৰিকাৰ বাবে আঞ্চলিক পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (ICRW)
-
সংগীতা চৌহান
সঙ্গীতা চৌহান হৈছে এক ভাৰতীয় অভিনেত্ৰী। তেওঁ ভাপী, গুজৰাট, ভাৰতত জন্মগ্ৰহণ কৰে। তেওঁ কন্নড় চলচ্চিত্ৰ শাৰ্প শুটাৰ আৰু লভ ইউ আলিয়াত অভিনয় কৰিছিল। তেওঁক এক শ্ৰীংগাৰ-স্বাভিমানৰ মেগনা চৌহান হিচাপে জনা যায়।
-
সঞ্চিতা ভট্টাচাৰ্য
সঞ্চিতা ভট্টাচাৰ্য ( ইংৰাজী: Sanchita Bhattacharya; জন্ম: ১৯ ফেব্ৰুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় প্লেবেক গায়িকা, সুৰকাৰ আৰু টেলিভিছনৰ সৈতে জড়িত ব্যক্তি। তেওঁ ১৪ বছৰ বয়সত ছা ৰে গা মা পা লিটল চেম্পছত ৰাজহুৱা ভোটদানৰ দ্বাৰা জয়লাভ কৰা প্ৰথমগৰাকী মহিলা।
-
সঞ্চিতা লুইটেল
সঞ্চিতা লুইটেল (জন্ম: ২ মে' ১৯৮৩) এগৰাকী প্ৰখ্যাত নেপালী অভিনেত্ৰী। তেওঁ নেপালী চলচ্চিত্ৰ উদ্যোগত নিজৰ সৌন্দৰ্য আৰু প্ৰতিভাৰ বাবে সুপৰিচিত। সঞ্চিতাই কলা আৰু আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে, যিয়ে তেওঁৰ একাডেমিক আৰু শিল্পীজীৱনৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।
-
সতী ৰাধিকা
সতী ৰাধিকা এগৰাকী মহীয়সী নাৰী। তেওঁ কৈৱৰ্ত কুলৰ মাছমৰীয়া নদীয়াল পূৰ্ণানন্দৰ পত্নী আছিল। বৰদোৱাৰ ওচৰত টেম্বুৱানী জানে প্ৰতিবছৰে বাৰিষা কালত বৰদোৱাবাসীসকলৰ শস্য নষ্ট কৰাৰ বাবে ইয়াত বান্ধ দিবলৈ পৰিকল্পনা কৰা হৈছিল।
-
সতীশ চন্দ্ৰ বসুমতাৰী
সতীশ চন্দ্ৰ বসুমতাৰী(Satish Chandra Basumatary); এজন ভাৰতীয় বড়ো জনগোষ্ঠী কবি, নাট্যকাৰ, সমাজকৰ্মী। তেওঁ বড়ো সাহিত্য সভাৰ দ্বিতীয় সভাপতি আছিল। বডো সাহিত্যৰ নৱজাগৰণৰ যুগ আৰু বিবাৰ যুগৰ এজন উল্লেখযোগ্য ব্যক্তি আছিল। তেওঁ বড়ো ব্ৰহ্ম ধৰ্ম প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।
-
সত্যেন্দ্ৰ কুমাৰ জৈন
সত্যেন্দ্ৰ কুমাৰ জৈন দিল্লী চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী তথা আম আদমী পাৰ্টিৰ এজন ৰাজনীতিবিদ।অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত থকা দিল্লী চৰকাৰৰ সাতজন কেবিনেট মন্ত্ৰীৰ ভিতৰত তেওঁ অন্যতম।
-
সত্যেন্দ্ৰনাথ ব্ৰহ্মচৌধুৰী
সত্যেন্দ্ৰনাথ ব্ৰহ্মচৌধুৰী (জন্ম: ১০ মাৰ্চ ১৯৪৩) এজন ভাৰতীয় প্ৰাক্তন আইনজ্ঞ আৰু ৰাজনীতিবিদ। তেওঁ ১০ম লোকসভাত লোকসভাৰ সাংসদ হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছিল আৰু স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল।