শিল্পা মুদবী (Shilpa Mudbi) শিল্পা এগৰাকী ভাৰতীয় গৱেষিকা, গায়িকা, পৰিবেশিকা, নাট্যশিল্পী, অভিনেত্ৰী, আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ কৰ্ণাটকৰ বিভিন্ন লোক-শিল্পৰ সংৰক্ষণ আৰু সংগ্ৰহৰ কাম কৰি আছে।১ স্বামী আৰু সুমিত্ৰা সুন্দৰৰ সৈতে তেওঁ আৰ্বান ফ’ক প্ৰজেক্টৰ সহ-প্ৰতিষ্ঠাপক আছিল। এই প্ৰকল্পৰ অংশ হিচাপে তেওঁলোকে সমগ্ৰ দেশতে য়েল্লম্মা আৰু অন্যান্য গল্পৰ ৭০-৮০টা শ্ব’ প্ৰদৰ্শন কৰিছিল।২৩৪
য়েল্লম্মা আৰু অন্যান্য গল্প
মুডবীয়ে দলটোক নেতৃত্ব দি পৰম্পৰাগত বাদ্যযন্ত্ৰ যেনে, চৌড়কী আৰু শ্ৰুতিৰ সৈতে কেতিয়াবা ৰাতিপুৱা বাংগালুৰু কাবন পাৰ্কত য়েল্লামনা পদ পৰিবেশন কৰে।৫ শিল্পাৰ প্ৰচেষ্টা য়েল্লম্মাৰ আখ্যানৰ সৈতে জড়িত অত্যাৱশ্যকীয় বাদ্যযন্ত্ৰ "চৌড়কী" আৰু "শ্ৰুতি"ৰ পৰ্যালোচনা আৰু সংৰক্ষণলৈকে বিস্তৃত হৈ পৰিছে, যাৰ ফলত তেওঁ এই পৰম্পৰাসমূহক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত এক মূল শক্তি হিচাপে পৰিগণিত হৈছে।
এই বেংগালুৰুবাসীয়ে এসময়ত উত্তৰ কৰ্ণাটক, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশত প্ৰচলিত তাল বাদ্য চৌড়কীক বচাবলৈ চেষ্টা কৰি আছে। লোককথা অনুসৰি ইয়াৰ প্ৰচলন কমেও ২৫০০ বছৰ।৬
বঁটা আৰু স্বীকৃতি
২০২৩ চনত ডেক্কান হেৰাল্ডত, তেওঁলোকৰ পঞ্চম সংস্কৰণৰ "ডি এইচ চেঞ্জমেকাৰছ বঁটা"ৰ বাবে তেওঁৰ নাম তালিকাভুক্ত হয়।৭
তথ্যসূত্ৰ
- ↑ Bureau, Bangalore Mirror. Strings of the past. Bangalore Mirror
- ↑ 'The songs of my ancestors'. NEWS TRAIL
- ↑ Correspondent, Special. (2021-12-31). Tracing the roots through folklore. The Hindu
- ↑ Couple learns Many versions of Yellamma’s Myths through ancient songs. The New Indian Express
- ↑ Pailoor, Anitha. Singing their way into hearts. Deccan Herald
- ↑ Bureau, Bangalore Mirror. Strings of the past. Bangalore Mirror
- ↑ DHNS. DH Changemakers: 23 to Watch in 2023 - Editor's note. Deccan Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিল্পা মুদবী” প্ৰবন্ধৰ সংশোধন ৬২৯১১২ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।