লীলা দামোদৰ মেনন ( Leela Damodara Menon; ৪ জানুৱাৰী ১৯২৩ – ১০ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সংসদৰ সদস্য আছিল; ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাত কেৰালাক প্ৰতিনিধিত্ব কৰিছিল।১২৩
ৰাজনৈতিক জীৱন
১৯৫৭ চনত কেৰালা বিধানসভাৰ প্ৰথম নিৰ্বাচনত লীলাই কুন্নামংগলামৰ পৰা আৰু তেওঁৰ স্বামী দামোদৰ মেননে পেৰুম্বাভুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে। লীলা জয়ী হয় যদিও তেওঁৰ স্বামী পৰাজয় হয়। ১৯৬০ চনৰ দ্বিতীয় কেৰালা বিধানসভা নিৰ্বাচনত লীলাই কুন্নমংগলমৰ পৰা আৰু তেওঁৰ স্বামী দামোদৰা মেননে পৰাৱুৰৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু দুয়োজনে জয়ী হয়।৪ ১৯৭৪ চনৰ পৰা ১৯৮০ চনলৈকে তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
বঁটা
লীলাই চেত্তন্তে নিজালিল নামৰ আত্মজীৱনীৰ বাবে কেৰেলা সাহিত্য অকাডেমী বঁটা লাভ কৰে।৫
তথ্যসূত্ৰ
- ↑ RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 - 2003. ৰাজ্যসভা
- ↑ Women Members of Rajya Sabha. ৰাজ্যসভা
- ↑ Joginder Kumar Chopra. (1 January 1993). Women in the Indian Parliament: A Critical Study of Their Role. Mittal Publications. পৃ. 225–. ISBN 978-81-7099-513-5
- ↑ Members - Kerala Legislature. www.niyamasabha.org
- ↑ Members Bioprofile. loksabhaph.nic.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীলা দামোদৰ মেনন” প্ৰবন্ধৰ সংশোধন ৪৯৫১৯০ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।