অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিলি গাৰাফুলিচ

লিলি গাৰাফুলিচ ইয়াংকভিচ (১৪ মে', ১৯১৪ – ১৫ মাৰ্চ, ২০১২) আছিল চিলিৰ ভাস্কৰ্য্যশিল্পী, জেনেৰেচন অৱ ৪০ (জেনেৰেচন ডেল ৪০) শিল্পীৰ সদস্য আৰু সংগ্ৰহালয়ৰ পৰিচালক। ১৯৪৪ চনত নিউয়ৰ্ক চহৰত গুগেনহাইম ফেল’শ্বিপ লাভ কৰিছিল গাৰাফুলিচে।

হালনাগাদ: ২৩ মাৰ্চ ২০২৫ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

লিলি গাৰাফুলিচ ইয়াংকভিচ (১৪ মে', ১৯১৪ – ১৫ মাৰ্চ, ২০১২) আছিল চিলিৰ ভাস্কৰ্য্যশিল্পী, জেনেৰেচন অৱ ৪০ (জেনেৰেচন ডেল ৪০) শিল্পীৰ সদস্য আৰু সংগ্ৰহালয়ৰ পৰিচালক। ১৯৪৪ চনত নিউয়ৰ্ক চহৰত গুগেনহাইম ফেল’শ্বিপ লাভ কৰিছিল গাৰাফুলিচে।

কেৰিয়াৰ

১৯৩৪ চনত লিলি গাৰাফুলিচে চিলি বিশ্ববিদ্যালয়ৰ স্কুল অৱ ফাইন আৰ্টছত পঢ়িবলৈ আৰম্ভ কৰে আৰু ভাস্কৰ্য শিল্পী লৰেঞ্জো ডমিংগেজৰ অধীনত অধ্যয়ন কৰে।১ ১৯৪৪ চনত নিউয়ৰ্ক চহৰলৈ গুগেনহাইম ফেল'শ্বিপ লাভ কৰে আৰু নিউ স্কুল অৱ ছ'চিয়েল ৰিচাৰ্চ (বৰ্তমান দ্য নিউ স্কুল বুলি কোৱা হয়)ত অধ্যয়ন কৰে আৰু এটেলিয়াৰ ১৭ত খোদিতকাৰী আৰু প্ৰিণ্টমেকাৰ ষ্টেনলি উইলিয়াম হেটাৰৰ সৈতে কাম কৰে।১

গাৰাফুলিচ আছিল মূলতঃ এজন ভাস্কৰ্য্যশিল্পী, তেওঁ মাৰ্বল, কাঠ, ব্ৰঞ্জ আৰু টেৰাকোটাৰ সৈতে কাম কৰিছিল। কাগজত বহুতো ৰচনাও সৃষ্টি কৰিছিল।২ গাৰাফুলিচৰ আটাইতকৈ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত চিলিৰ চেণ্টিয়াগোৰ লৌৰ্ডেছ বেচিলিকাৰ ওপৰত স্থাপন কৰা ষোল্লজন ভাববাদীৰ মূৰ্তিও আছে।

তেওঁ ৪০জন শিল্পী (জেনেৰেচন ডেল ৪০) সদস্য আছিল, য'ত মাৰ্টা কলভিনকে ধৰি চিলিৰ আন ভাস্কৰ্য্যশিল্পীও আছিল।১

১৯৫১ চনত চিলি বিশ্ববিদ্যালয়ৰ ভাস্কৰ্য্যৰ অধ্যাপক হয় গাৰাফুলিচ। তেওঁৰ ছাত্ৰসকলৰ ভিতৰত আছিল চাৰ্জিঅ' বাডিলা কাষ্টিলো আৰু ৰাউল ভালডিভিয়েছ'।১ ১৯৯৭ চনত চিলি বিশ্ববিদ্যালয়ৰ অধ্যাপিকা এমেৰিটা হয়।১ ১৯৭৩ চনৰ পৰা ১৯৭৭ চনলৈকে চিলিৰ নেচনেল মিউজিয়াম অৱ ফাইন আৰ্টছৰ পৰিচালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।১

১৯৯৫ চনত তেওঁ প্ৰিমিঅ' নেচনেল ডি আৰ্টেছ প্লাষ্টিকাছ বঁটা লাভ কৰে।১ ২০১৪ চনত ৱাশ্বিংটন ডি চিৰ চিলিৰ দূতাবাসত তেওঁৰ কামক উদযাপন কৰা শতবাৰ্ষিকী প্ৰদৰ্শনী প্ৰদৰ্শিত হয়।২ "লিলি গাৰাফুলিচ: ইন হাৰ ৱৰ্ডছ" শীৰ্ষক এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল তেওঁৰ ভতিজী গ্ল'ৰিয়া গাৰাফুলিচ-গ্ৰাব'ইছে। ২০১৪ চনত এই তথ্যচিত্ৰখনৰ প্ৰিমিয়াৰ হয়।২

ব্যক্তিগত জীৱন

১৯১৪ চনৰ ১৪ মে'ত চিলিৰ এণ্টোফাগাষ্টাত লিলি গাৰাফুলিচৰ জন্ম হৈছিল।১ ক্ৰ'ৱেচিয়ান বংশৰ। ২০১২ চনৰ ১৫ মাৰ্চত চিলিৰ চেণ্টিয়াগোৰ পাৰ্ক ফৰেষ্টেল অংশত থকা নিজৰ ঘৰত ৯৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।১৩

তথ্যসূত্ৰ

  1. ↑ (March 15, 2012). Murió la destacada escultora y Premio Nacional de Arte Lily Garafulic. El Mercurio
  2. ↑ Wren, Celia. "Lily Garafulic's centennial". The Washington Post. May 16, 2014. Retrieved October 3, 2015
  3. ↑ Renowned Chilean sculptress, Lily Garafulic, dies at 97

সম্পৰ্কিত শ্ৰেণী

চিলিৰ ব্যক্তিভাস্কৰ্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিলি গাৰাফুলিচ” প্ৰবন্ধৰ সংশোধন ৪৯৬১৮৮ (২৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।