অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শীলা মেহৰা

শীলা মেহৰা (Shiela Mehra) হ'ল এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰসূতি বিশেষজ্ঞ আৰু নতুন দিল্লীৰ মূলচান্দ হাস্পতালৰ স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগৰ সঞ্চালিকা।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শীলা মেহৰা (Shiela Mehra) হ'ল এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰসূতি বিশেষজ্ঞ আৰু নতুন দিল্লীৰ মূলচান্দ হাস্পতালৰ স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগৰ সঞ্চালিকা।১২ ১৯৫৯ চনত লেডী হাৰ্ডিং মেডিকেল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা মেহৰাই ব্ৰিটেইনৰ ৰয়েল কলেজ অৱ অব্ষ্টেট্ৰিচিয়ান এণ্ড গাইনেকোলজিষ্ট, ইউকেৰ পৰাই ডি.আৰ.চি.ও.জি. আৰু এম.আৰ.চি.অ’.জিৰ ডিগ্ৰী লাভ কৰে৷১ তেওঁ ইণ্ডিয়ান কলেজ অৱ অব্ষ্টেট্ৰিচিয়ান এণ্ড গাইনেকোলজিষ্টৰ (আইচিঅ'জি) ফেল' আৰু ৰাধা ৰমন বঁটা (১৯৯৮) আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ লাইফ টাইম এচিভমেণ্ট বঁটা (২০০৬)ৰ দৰে বঁটা লাভ কৰিছে।৩১ ভাৰত চৰকাৰ-এ ১৯৯১ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰে।৪

তথ্যসূত্ৰ

  1. ↑ (2015). Dr. Sheila Mehra. Ziffi
  2. ↑ (2015). Moolchand profile. Moolchand Healthcare
  3. ↑ (2015). Health Tourism profile. Health Tourism
  4. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শীলা মেহৰা” প্ৰবন্ধৰ সংশোধন ৪৮৭১৪৭ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।