শোভা ৰাণী ত্ৰিপুৰা এগৰাকী বাংলাদেশী লেখিকা আৰু শিক্ষক। তেওঁ ত্ৰিপুৰী (কোকবৰক) জনগোষ্ঠীৰ মহিলা। তেওঁ ২০১৭ চনত বাংলাদেশ চৰকাৰৰ পৰা বেগম ৰোকেয়া পদক লাভ কৰে।
জীৱনী
শোভা ৰাণী ত্ৰিপুৰাৰ জন্ম ১৯৫৯ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে ৰাঙামাটিত হৈছিল।১ তেওঁ পিতৃৰ চাকৰিৰ বাবে মহালছৰী, খাগ্ৰাছৰীত বাস কৰিছিল। শৈশৱৰ পৰাই তেওঁ লিখনী প্ৰতি আগ্ৰহী আছিল আৰু লিখিবলৈ আৰম্ভ কৰিছিল। ত্ৰিপুৰা জনগোষ্ঠীৰ অন্যতম বৌদ্ধিক ব্যক্তি হিচাপে জনাজাত। তেওঁ পাহাৰী আৰু সমতল দুয়ো জাতিক লৈ সাহিত্য লিখিছে। ১৯৬৬ চনত খাগ্ৰাছৰী চৰকাৰী মহাবিদ্যালয়ত প্ৰথম বৰ্ষত থাকোঁতে তেওঁ শিক্ষকতাৰ চাকৰি লাভ কৰিছিল। তেওঁ লিখা বহুতো গ্ৰন্থ আছে, বিশেষকৈ পাহাৰীয়া জনগোষ্ঠী সম্পৰ্কিত। ১ তেওঁ চৌংগ্ৰাছছৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছিল।১ শোভা ৰাণী ত্ৰিপুৰা ৰিয়াং বংশৰ অন্তৰ্গত।
শোভা ৰাণী ত্ৰিপুৰাই ১৯৮৪ চনত মংছেন চীং মংছিনক বিবাহ কৰিছিল।২ তেওঁ ২০১৬ চনত একুশে পদক লাভ কৰিছিল।৩ তেওঁলোকৰ দুই কন্যা সন্তান আছিল।৪
বঁটা
| বঁটাৰ শিৰোনাম | বছৰ | প্ৰদানকাৰী সংস্থা |
|---|---|---|
| শ্ৰেষ্ঠ শিক্ষিকা | ১৯৮৫, ১৯৮৬, ২০০০ | বাংলাদেশ চৰকাৰ |
| ৰাঙামাটি বনভূমি সাহিত্য পুৰস্কাৰ | ১৯৮৫ | ৰাঙামাটি পাৰ্বত্য জিলা |
| উপজাতীয় ৰূপকথা | ১৯৮০, ১৯৮৫ | ৰাঙামাটি উপজাতীয় সাংস্কৃতিক প্ৰতিষ্ঠান |
| সৈয়দ ইসমাইল হোসেন সিৰাজী পদক | ২০১৩ | সিৰাজগঞ্জ বিশ্ব বাংলা সাহিত্য উৎসৱ |
| সম্মাননা সনদ | ২০১৩ | বাংলাদেশ আদিবাসী ফোৰাম |
| ছায়ানীড় স্মাৰক সম্মাননা | ২০১৪ | খোগ্ৰাছাৰী জিলা |
| ৰাহিলা সাহিত্য পুৰস্কাৰ | ২০১৪ | মুৰ্শিদাবাদ ৰাহিলা সংস্কৃতি সংঘ, পশ্চিমবঙ্গ |
| কবি নজৰুল স্মাৰক সম্মাননা | ২০১৪ | পশ্চিমবঙ্গ বাংলা অকাডেমি |
| শ্ৰেষ্ঠ জয়িতা | ২০১৬ | মহিলা আৰু শিশু বিষয়ক মন্ত্ৰণালয়, বাংলাদেশ |
| বেগম ৰোকেয়া পদক | ২০১৭ | বাংলাদেশৰ প্ৰধানমন্ত্ৰী |
গ্ৰন্থ
| গ্ৰন্থৰ শিৰোনাম | বছৰ |
|---|---|
| ঝৰাপাতা | ১৯৯৬ |
| ত্ৰিপুৰা জাতিৰ ইতিকথা | ২০০১ |
| ত্ৰিপুৰা জাতিৰ ৰূপকথা | ২০০২ |
| জাতক (বুদ্ধ) | ২০০৪ |
| ত্ৰিপুৰা জাতি | ২০০৭ |
| ত্ৰিপুৰা জাতিৰ ইতিবৃত্ত | ২০১২ |
| আলোময়ীমা ত্ৰিপুৰেশ্বৰী | ২০১২ |
| শুভ বাংলা নববৰ্ষ | ২০১২ |
| বপ্নেৰ ধূসৰ ছায়া | ২০১৩ |
| ৰাখাইন ও ত্ৰিপুৰা জাতিসত্তা | ২০১৪ |
| ধূসৰ পাহাড়ে সবুজ তাৰুণ্ | ২০১৪ |
| ত্ৰিপুৰা জাতিৰ কিংবদন্তী | ২০১৪ |
| একুশেৰ অপৰাজিত কথামালা | ২০১৪ |
| গিৰি নন্দিনী | ২০১৪ |
তথ্যসূত্ৰ
- ↑ (9 December 2017). Five receive Rokeya Padak. Dhaka Tribune
- ↑ (7 September 2019). আৰ্কাইভ কপি. bdnews24.com
- ↑ (20 February 2016). PM hands Ekushey Padak 2016. The Daily Star
- ↑ (7 September 2019). আৰ্কাইভ কপি. DBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শোভা ৰাণী ত্ৰিপুৰা” প্ৰবন্ধৰ সংশোধন ৫০৬৬০৬ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।