লোৱাত ভালা(Lobat Vala; জন্ম: ১৯৩০ চনত তেহৰাণত) এগৰাকী ইৰাণী কবি১২৷ তেওঁ ইৰাণৰ মহিলা মুক্তিৰ সপক্ষে সততে মাত মাতি আহিছে৷ ইয়াৰ উপৰি তেওঁ উভয় লিংগৰ মাজত সম অধিকাৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগত ওতপ্ৰোতভাৱে জড়িত।৩
প্ৰাৰম্ভিক জীৱন
১৯৭৯ চনত ভালা ইৰাণৰ পৰা নিৰ্বাসিত হয়৷ ইয়াৰ পিছত নিৰ্বাসিত ভালাই লণ্ডনত বাস কৰে৷২১৯৮০ চনৰ পৰা ১৯৮৪ চনৰ ভিতৰত তেওঁ মেলবৰ্ণত বাস কৰে। তাত থকাৰ সময়ত তেওঁ মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ পৰা মধ্যপ্ৰাচ্য অধ্যয়নত এম এ ডিগ্ৰী লাভ কৰে৷ পৰ্যায়ক্ৰমে তেওঁ লণ্ডনত ২০০৬ চনলৈকে কেয়েহান সাপ্তাহিক কাকতত সাংবাদিক আৰু লেখিকা হিচাপে কাম কৰে। ভালাই পাৰ্চী ভাষাত কেইবাখনো কবিতা পুথি প্ৰকাশ কৰিছে।২
তথ্যসূত্ৰ
- ↑ Kalbasi, Sheema. (2009). The Poetry of Iranian Women. ISBN 978-1-4421-0709-0
- ↑ (2008-10-09). Literature event with five Iranian exile authors in Vienna. NetNative
- ↑ (December 2009). Campaigning for Freedom in Iran. Central News: Newsletter for service users & supporters. Central & Cecil Housing Care Support. পৃ. 5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোৱাত ভালা” প্ৰবন্ধৰ সংশোধন ৪৯১৮১৮ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।