অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শান্তি দেৱী

শান্তি দেৱী (Shanti Devi (জন্ম ১৯৩৭)) উত্তৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় প্ৰাক্তন ৰাজনীতিবিদ। তেওঁ দুবাৰকৈ সম্ভালক লোকসভাত প্ৰতিনিধিত্ব কৰাৰ লগতে উত্তৰ প্ৰদেশৰ বিধায়িনী দলৰ দুয়োখন সদনৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ১৪০ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

শান্তি দেৱী (Shanti Devi (জন্ম ১৯৩৭)) উত্তৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় প্ৰাক্তন ৰাজনীতিবিদ। তেওঁ দুবাৰকৈ সম্ভালক লোকসভাত প্ৰতিনিধিত্ব কৰাৰ লগতে উত্তৰ প্ৰদেশৰ বিধায়িনী দলৰ দুয়োখন সদনৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।

প্ৰাথমিক জীৱন

শান্তি দেৱী চৌধুৰী বদন সিং যাদৱৰ কন্যা আৰু তেওঁ ১৯৩৭ চনৰ ৩০ জানুৱাৰীত বদৌন জিলাৰ জাৰিফ নগৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ মেট্ৰিক পৰ্যায়লৈকে শিক্ষা লাভ কৰিছিল।১

কৰ্মজীৱন

১৯৬২ চনৰ পৰা ১৯৬৮ চনলৈ শান্তি দেৱী উত্তৰ প্ৰদেশ বিধান পৰিষদৰ সদস্য আছিল। ১৯৭৪ চনত তেওঁ উত্তৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হয়।১ তিনি বছৰৰ পাছত ভাৰতীয় লোকদলৰ সদস্য হিচাপে তেওঁ ১৯৭৭ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত সম্ভালৰ পৰা জয়ী হয়৷ তেওঁ মুঠ ভোটৰ ৬৪.২৯% ভোট লাভ কৰে। পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত তেওঁ জনতা পাৰ্টি (ধৰ্ম-নিৰপেক্ষ)ত যোগদান কৰে যদিও ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)ৰ বিজেন্দ্ৰ পাল সিঙৰ হাতত পৰাস্ত হয়।২

১৯৮৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ বাবে দেৱীয়ে আইএনচি (আই)লৈ দল সলনি কৰে৷ তেওঁ ৩৬.৪৬% ভোট লাভ কৰি আসনখন লাভ কৰে। পাঁচ বছৰীয়া কাৰ্যকাল সমাপ্ত কৰাৰ পিছত তেওঁ সম্ভলৰ পৰা পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও জনতা দলৰ এছ পি যাদৱৰ হাতত পৰাস্ত হয়। ৩৯.২৮% ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে।২

ব্যক্তিগত জীৱন

তেওঁ চৌধুৰী জগন্নাথ সিং যাদৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ চাৰিজন পুত্ৰ সন্তান আছে।১

তথ্যসূত্ৰ

  1. ↑ Members Bioprofile: Shanti Devi, Shrimati. লোকসভা
  2. ↑ Sambal Partywise Comparison. ভাৰতৰ নিৰ্বাচন আয়োগ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদউত্তৰ প্ৰদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তি দেৱী” প্ৰবন্ধৰ সংশোধন ৪৭৫০৪৫ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।