অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লুনা মায়া

লুনা মায়া সুগেং এগৰাকী অষ্ট্ৰিয়ান মূলৰ ইণ্ডোনেছিয়ান মডেল, অভিনেত্ৰী আৰু ঘোষিকা। তেওঁ এগৰাকী বিজ্ঞাপন আৰু কেটৱাক মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

হালনাগাদ: ১ এপ্ৰিল ২০২৬ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

লুনা মায়া সুগেং এগৰাকী অষ্ট্ৰিয়ান মূলৰ ইণ্ডোনেছিয়ান মডেল, অভিনেত্ৰী আৰু ঘোষিকা। তেওঁ এগৰাকী বিজ্ঞাপন আৰু কেটৱাক মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।১

কেৰিয়াৰ

লুনাই মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম অভিনয়ৰ কাম আছিল ৩০ হাৰি মেঞ্চাৰি চিণ্টা (২০০৪) বোলছবিত এগৰাকী নেতিবাচক চৰিত্ৰত কৰা সহ-অভিনয়, যাৰ বাবে তেওঁ প্ৰশংসা লাভ কৰিছিল। ইয়াৰ পিছত ২০০৫ চনত ব্ৰাউনীজ ছবিত তেওঁ এটা সহ-অভিনয় কৰে। তেওঁ লাক্স, এক্স এল এক্সিয়াটা আৰু তোচিবাৰ দৰে ইণ্ডোনেছীয় বিজ্ঞাপনত অভিনয় কৰিছে।১

তেওঁ চিণ্টা চিলভাৰ, ৰুয়াং, জাকাৰ্টা আণ্ডাৰকভাৰ আৰু পেচান দাৰি সুৰ্গা আদি বোলছবিত অভিনয় কৰিছে। ২০০৬ চনৰ ইণ্ডোনেছীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে চিত্ৰা বঁটাৰ মনোনয়ন লাভ কৰিছিল। ২০০৮ চনত তেওঁ ৰুডী চোডজাৰৱোৰ নিৰ্দেশনাত নিৰ্মিত ইন দ্য নেম অফ লাভত অভিনয় কৰে। দেৱী ছাণ্ড্ৰা আৰু ছাণ্ড্ৰা দেৱীৰ সৈতে লুনাই ইউৰো ২০০৮-ৰ ইণ্ডোনেছীয় থিম ছং "প্লে"ত কণ্ঠদান কৰিছিল।

লুনাই ডান, কাউ ডান আকু, আডা চিণ্টা, ৰাহাচিয়াকু আৰু অংগুনৰ দৰে ধাৰাবাহিকত অভিনয় কৰিছে। ২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ শিখা বাহকসকলৰ ভিতৰত তেওঁ অন্যতম আছিল।

লুনাই হিজাউ দাউনৰ কণ্ঠশিল্পী ডিডে ইৰাৱানৰ সৈতে "সুৱাৰা (কু বেৰহাৰাপ)" গীতত সহযোগিতা কৰিছিল, যিটো লুনাৰ চিনেমা জাণ্ডা কেমবাংত ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ উপৰি লুনাই সূচী এণ্ড দ্য চিটি নামৰ এখন স্বতন্ত্ৰ চুটি ছবি নিৰ্মাণ কৰাৰ লগতে গায়িকা ধীয়া আনন্দাৰ বাবে মিউজিক ভিডিঅ' আৰু এখন চিনেমা পিণ্টু হাৰমোনিকা পৰিচালনা কৰিছে।

২০২০ চনত লুনাক ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক ইণ্ডোনেছিয়াজ নেক্সট টপ মডেলৰ পৰিচালিকা আৰু বিচাৰক হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ উপৰি তেওঁ 'ইণ্ডোনেছীয় ভীতি'ৰ ৰাণী বুলি খ্যাত সুজানাৰ ভীতিমূলক চলচ্চিত্ৰৰ ৰিমেক ত্ৰিলজী - সুজানা: বাৰীড এলাইভ (২০১৮), সুজানা: ছাণ্টেট ইলমু পেলেবুৰ ন্যায়ৱা (২০২১), আৰু সুজানা: ক্লিৱন ফ্ৰাইডে নাইট (২০২৩) ত সুন্দেল বোলং হিচাপে অভিনয় কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হৈছে।২

বিতৰ্ক

২০১০ চনত লুনাৰ প্ৰেমিক তথা ইণ্ডোনেছীয় পপ বেণ্ড 'পিটাৰপেন'ৰ (বৰ্তমান নোৱাহ) মুখ্য গায়ক নাজলিল ইৰহামক (এৰিয়েল) ইণ্টাৰনেটত লুনাৰ সৈতে জড়িত এটা যৌন ভিডিঅ' ভাইৰেল হোৱাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ ফলত লুনাই লাক্স চাবোনৰ বিজ্ঞাপনৰ চুক্তি হেৰুৱাবলগীয়া হয়। লুনাৰ বিৰুদ্ধেও তদন্ত চলিছিল যদিও তেওঁক আদালতলৈ নিয়া হোৱা নাছিল। ২০১৮ চনৰ ৭ আগষ্টত দক্ষিণ জাকাৰ্টা জিলা আদালতে লুনাৰ সন্দেহযুক্ত স্থিতি বাহাল ৰাখে।৩

ডিস্ক’গ্ৰাফী

ষ্টুডিঅ’ এলবাম

  • পেৰজালানান (২০১১)

একক গীতসমূহ

বৰ্ষশিৰোনামএলবামলেবেল
২০০৮"প্লে" (দেৱী ছাণ্ড্ৰা আৰু ছাণ্ড্ৰা দেৱীৰ সৈতে)এলবামভুক্ত নহয়বিলবোৰ্ড ইণ্ডোনেছিয়া
২০০৯"সুৱাৰা (কু বেৰহাৰাপ)" (ডিডে হিজাউ দাউনৰ সৈতে)জাণ্ডা কেমবাংচনী মিউজিক এণ্টাৰটেইনমেণ্ট ইণ্ডোনেছিয়া
"মেনুজু সুৰ্গা-মু"এলবামভুক্ত নহয়
২০১০"তাক বিছা বেৰচামামু"পেৰজালানানৰয়েল প্ৰাইমা মিউজিকিণ্ডো
২০১১"বিয়াৰলাহ" (কিলিং মি ইনচাইডৰ সৈতে)
২০১২"সুদাহ বিয়াছা"এলবামভুক্ত নহয়মাল্টিস্বৰা
২০১৪"পাৰানয়েড" (এচি মিজালৰ সৈতে)চনী মিউজিক এণ্টাৰটেইনমেণ্ট

তথ্যসূত্ৰ

  1. ↑ Indonesian actress Luna Maya. London Academy of Media Film & TV
  2. ↑ (2023). Suzzanna: Kliwon Friday Night (2023). A Good Movie To Watch
  3. ↑ (7 August 2018). Luna Maya dan Cut Tari Masih Berstatus Tersangka. Jpnn.com

সম্পৰ্কিত শ্ৰেণী

ইণ্ডোনেছিয়ান অভিনেত্ৰীঅষ্ট্ৰিয়াৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুনা মায়া” প্ৰবন্ধৰ সংশোধন ৫৯৯৬২৯ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।