লেৰেলা বড়ো( Lerela Boro) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল৷ বিয়াল্লিছৰ আন্দোলনত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত আহত হৈ পিছত বৰ শোকজনক অৱস্থাত মৃত্যু হয়৷১২ লেৰেলা বড়োৰ জন্ম ঢেকিয়াজুলি মৌজাৰ কেহেৰুখন্দা গাঁৱত৷ পিতৃৰ নাম গপ কছাৰী৷ পৰিয়ালৰ আৰ্থিক অৱস্থা অতি শোচনীয় আছিল বাবে প্ৰাইমাৰী বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীলৈকে পঢ়ি শ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰিছিল৷ পিছত প্ৰায় ২১-২২ বছৰ বয়সত কংগ্ৰেছৰ ভলণ্টিয়াৰ হৈ আন্দোলনত যোগ দিয়ে৷ ১৯৪২ চনত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলৰ লগত গৈছি লেৰেলা বড়ো৷ সমদলৰ আগত যোৱা জনতাক লাঠিচালনা কৰি অত্যাচাৰ কৰাত আৰু গুলীয়াই বহু মানুহক নিহত কৰাত লেৰেলা বড়োই পুলিচক নিৰস্ত্ৰ কৰিবলৈ টনা-আঁজোৰা কৰিছিল৷ ফলত পুলিচে গুলী কৰে আৰু তেওঁ থানা ফিল্ডত পৰি থাকে৷ আঘাতপ্ৰাপ্ত অৱস্থাতে তেওঁক আনসকলৰ সৈতে গ্ৰেপ্তাৰ কৰি হাজোতলৈ প্ৰেৰণ কৰে যদিও কোনো চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাছিল৷ পিছত তেওঁৰ আঘাতপ্ৰাপ্ত স্থানবোৰ গেলি-পচি তাৰ যন্ত্ৰণাতে তেওঁৰ মৃত্যু হৈছিল৷৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেৰেলা বড়ো” প্ৰবন্ধৰ সংশোধন ৩৭৬২২০ (২৯ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।