শামলদাস গান্ধী (Samaldas Gandhi; ১৮৯৭-১৯৫৩) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল৷ তেওঁ পূৰ্বৰ ৰাজকীয় ৰাজ্য জুনাগড়ৰ আৰ্জি হুকুমাত বা অস্থায়ী চৰকাৰৰ মুখ্য পথপ্ৰদৰ্শক আছিল৷
প্ৰাৰম্ভিক জীৱন
শামলদাস ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা মোহনদাস কৰমচান্দ গান্ধীৰ জ্যেষ্ঠ ভাতৃ লক্ষ্মীদাস/কালিদাস কৰমচান্দ গান্ধীৰ পুত্ৰ আছিল। শামলদাস তেওঁৰ খুৰাক মোহনদাসৰ ঘনিষ্ঠ অনুগামী আছিল।
তেওঁ প্ৰথমতে সন্ধিয়াৰ গুজৰাটী বাতৰি কাকত জন্মভূমিত কামকাজ কৰিছিল। পিছত কিছু তাৰতম্য ঘটাৰ বাবে তেওঁ জন্মভূমি এৰি “বন্দে মাতৰম” নামৰ নতুন বাতৰি কাকতৰ শুভাৰম্ভ কৰিছিল।১
তথ্যসূত্ৰ
- ↑ Kr̥ṣṇamūrti, Nāḍiga. (1966). Indian journalism: origin, growth and development of Indian journalism from Asoka to Nehru. University of Mysore
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শামলদাস গান্ধী” প্ৰবন্ধৰ সংশোধন ৩৩৬৫৬৬ (৩ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।