অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিয়াও জিয়াওই

লিয়াও জিয়াওই (Liao Xiaoyi; সৰলীকৃত চীনা: 廖晓义; পৰম্পৰাগত চীনা: 廖曉義; পিনয়ন: Liào Xiǎoyì; Wade–Giles: Liao Hsiao-I), বা শ্বেৰী লিয়াও এগৰাকী চীনা পৰিৱেশ কৰ্মী, সাংবাদিক আৰু তথ্যচিত্ৰৰ প্ৰযোজক; যিজনৰ কামক চীনৰ পৰিৱেশ আন্দোলন আগুৱাই নিয়াৰ কৃতিত্ব প্ৰদান কৰা হয়।

হালনাগাদ: ৩০ আগষ্ট ২০২৬ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

লিয়াও জিয়াওই (Liao Xiaoyi; সৰলীকৃত চীনা: 廖晓义; পৰম্পৰাগত চীনা: 廖曉義; পিনয়ন: Liào Xiǎoyì; Wade–Giles: Liao Hsiao-I), বা শ্বেৰী লিয়াও এগৰাকী চীনা পৰিৱেশ কৰ্মী, সাংবাদিক আৰু তথ্যচিত্ৰৰ প্ৰযোজক; যিজনৰ কামক চীনৰ পৰিৱেশ আন্দোলন আগুৱাই নিয়াৰ কৃতিত্ব প্ৰদান কৰা হয়।

জীৱন আৰু কৰ্ম

১৯৮৬ চনত ছান য়াট-চেন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত লিয়াওৱে চাইনিজ একাডেমী অৱ ছ’চিয়েল ছায়েন্সত গৱেষক হিচাপে দৰ্শন বিজ্ঞানৰ অধ্যাপনা কৰে, য’ত তেওঁ প্ৰথমবাৰৰ বাবে পৰিৱেশ দৰ্শনৰ প্ৰতি আগ্ৰহী হৈ‍ উঠে৷ চীন চেণ্ট্ৰেল টেলিভিছনত প্ৰকাশ পোৱা পৰিৱেশবাদী ৰচনা আৰু চীনৰ পৰিৱেশ দুৰ্দশা বিষয়ক তথ্যচিত্ৰ চাবলৈ‍ আৰম্ভ কৰে। ইয়াৰ পাছত তেওঁ নৰ্থ কেৰ’লিনা বিশ্ববিদ্যালয়ত অতিথি পণ্ডিত হিচাপে কাম কৰিছিল, য’ত তেওঁ দাবী কৰা মতে‍ প্ৰথম পৰিৱেশবাদত নাগৰিক সমাজে ল’ব পৰা ভূমিকা আৱিষ্কাৰ কৰিছিল। ১৯৯৬ চনত তেওঁ চীনলৈ উভতি আহি বেইজিঙৰ বেচৰকাৰী সংস্থা গ্ল'বেল ভিলেজ প্ৰতিষ্ঠা কৰে।

দৈনন্দিন জীৱনত ক্ষতিকাৰক পদ্ধতিৰ ব্যৱহাৰ হ্ৰাস কৰাৰ জৰিয়তে "সম্প্ৰীতিৰ জীৱন"ক প্ৰসাৰ কৰাৰ ধাৰণা তেওঁ প্ৰচাৰ কৰিছিল৷ তেওঁ ২০০৮ চনৰ অলিম্পিক গেমছৰ বেইজিং আয়োজক সমিতিৰ পৰিৱেশ উপদেষ্টা হিচাপে কাম কৰিছিল। বেইজিঙৰ গ্ল'বেল ভিলেজৰ সভানেত্ৰী হিচাপে তেওঁৰ ভূমিকাৰ জৰিয়তে তেওঁ পৰিৱেশ-অনুকূল আৱাসিক এলেকা, গ্ৰাম্য সম্প্ৰদায় আৰু প্ৰদূষণ, পুনঃব্যৱহাৰ আৰু উপভোগ হ্ৰাসৰ বিষয়ে‍ বহু জনসজাগতা অভিযান আয়োজন কৰিছিল।

পুৰস্কাৰ আৰু সন্মান

  • ২০০৯: আমেৰিকা যুক্তৰাষ্ট্ৰৰ টাইম (আলোচনী)ত "পৰিৱেশৰ নায়ক" হিচাপে বিশেষ স্থান লাভ৷
  • ২০০৮: চিচিটিভিৰ দ্বাৰা বছৰৰ তৃতীয় বাৰ্ষিক সুখী "টাউন প্ৰভিজনছ" ব্যক্তি৷
  • ২০০৮: অসামৰিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৰ্বাধিক প্ৰভাৱশালী চেৰিটি প্ৰজেক্ট বঁটা৷
  • ২০০৮: পিপলছ ডেইলীৰ ৩০ বছৰীয়া সংস্কাৰ আৰু মুকলিৰ বঁটা৷
  • ২০০৮: ৰাষ্ট্ৰীয় উন্নয়ন আৰু সংস্কাৰ আয়োগে ব্যক্তিগত অৱদানৰ বাবে‍ বঁটা প্ৰদান কৰে৷
  • ২০০৮: আমেৰিকাৰ ক্লিণ্টন গ্ল’বেল ইনিচিয়েটিভৰ গ্ল’বেল চিটিজেন বঁটা৷
  • ২০০৭: কৃষি মন্ত্ৰালয়ৰ নেতৃত্বত ছটা মন্ত্ৰালয়ৰ যৌথ সমিতিৰ দ্বাৰা বছৰৰ পৰিৱেশগত ব্যক্তিৰ বঁটা৷
  • ২০০৬: পৰিৱেশ মন্ত্ৰালয়ৰ নেতৃত্বত সাতটা মন্ত্ৰালয়ৰ যুটীয়া সমিতিৰ পৰিৱেশ কৃতিত্বৰ বাবে বছৰৰ সেউজ ব্যক্তিৰ বঁটা৷
  • ২০০৫: অৰ্থনৈতিক ৰাজহুৱা দাতব্য কাৰ্য্যৰ বাবে বছৰৰ ব্যক্তি বঁটা। চিচিটিভি৷
  • ২০০২: চাইনিজ উইমেন আলোচনীৰ দ্বাৰা চীনৰ দহগৰাকী অসাধাৰণ মহিলা সন্মান৷
  • ২০০১: বেংকচিয়াছ বঁটা, অষ্ট্ৰেলিয়া৷
  • ২০০০: ছফী বঁটা, নৰৱে৷১

তথ্যসূত্ৰ

  1. ↑ Sheri Liao's Biography at Global Village of Beijing. Retrieved December 12, 2009

সম্পৰ্কিত শ্ৰেণী

চীনা সাংস্কৃতিক ঐতিহ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিয়াও জিয়াওই” প্ৰবন্ধৰ সংশোধন ৬৩৩৬৩২ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।