ৰাণী লীলা ৰামকুমাৰ ভাৰ্গৱ এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী, শিক্ষাবিদ১ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন নেত্ৰী আছিল।২ তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহযোগী আছিল।২ এছিয়াৰ আটাইতকৈ পুৰণি ছপাশাল নৱাল কিশোৰ প্ৰেছৰ প্ৰতিষ্ঠাপক মুনশী নৱাল কিশোৰৰ পৰিয়ালৰ সদস্য৩ তথা ভাৰতৰ ভাইচৰয় লৰ্ড ৱেভেলৰ পৰা ৰাজা উপাধিধাৰী মুন্সী ৰামকুমাৰ ভাৰ্গৱৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল।৪ তেওঁৰ পুত্ৰ ৰঞ্জিত ভাৰ্গৱ এজন বিখ্যাত পৰিৱেশবিদ৫ আৰু পদ্মশ্ৰী বঁটা বিজয়ী।৪
প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ
ৰাণী লীলাৰ জন্ম হৈছিল কৰ্ণাটকৰ বেংগালুৰুত। ১৬ বছৰ বয়সত বিবাহপাশত আবদ্ধ হৈ লক্ষ্ণৌলৈ গুচি যায়। ৰাণী চাহিবা নামেৰে পৰিচিত আছিল আৰু তেওঁ ভাৰতীয় মহিলা পৰিষদৰ নেচনেল কাউন্সিল (এন চি ডব্লিউ আই)ৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল। ৰাণী লীলাই ইয়াৰ সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৬
বঁটা
১৯৭১ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী, চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটাৰে সন্মানিত কৰে।৭৮
মৃত্যু
২০১৪ চনৰ ২৫ মে'ত বাংগালুৰুৰ পিজিআই চিকিৎসালয়ত কিছুদিন অসুস্থতাৰ অন্তত ৰাণী লীলা ৰাম কুমাৰ ভাৰ্গৱৰ মৃত্যু হয়৷৯২ তেওঁ তিনিজন পুত্ৰ আৰু এগৰাকী কন্যাৰ মাতৃ আছিল।১০
তথ্যসূত্ৰ
- ↑ (2015). First death anniversary observed"First death anniversary observed". 2015. Retrieved 28 May 2015 – via Press Reader
- ↑ (25 May 2014). Freedom fighter Rani Lila Ram Kumar Bhargava passes away. Business Standard"Freedom fighter Rani Lila Ram Kumar Bhargava passes away". Business Standard. 25 May 2014. Retrieved 28 May 2015
- ↑ B. G. Varghese. (2014). Post Haste Quintessential India. Wstland. ISBN 9789383260973
- ↑ (19 August 2011). Ranjit Bhargava. Video
- ↑ (2012). Drive to get Upper Ganga declared a World Heritage site. Ganga Action Parivar"Drive to get Upper Ganga declared a World Heritage site". Ganga Action Parivar. 2012. Retrieved 28 May 2015
- ↑ Mahotsav, Amrit. Lila Ram Kumar Bhargava. Azadi Ka Amrit Mahotsav, Ministry of Culture, Government of India
- ↑ (2015). Padma Shri. Padma Shri
- ↑ https://www.pressreader.com/india/hindustan-times-lucknow/20140526/282647505562350
- ↑ (2014-05-25). Veteran freedom fighter Rani Lila Ram Kumar Bhargava died following brief illenss at the PGI hospital. Bhargava is survived by three sons and a daughter. The Times of India
- ↑ Tripathi, Ashish. (25 May 2014). Veteran freedom fighter Rani Lila Ram Kumar Bhargava died following brief illenss at the PGI hospital. Bhargava is survived by three sons and a daughter. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীলা ৰামকুমাৰ ভাৰ্গৱ” প্ৰবন্ধৰ সংশোধন ৪৮৫০১৫ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।