অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লীলাৱতী ভট্টাচাৰ্য

লীলাৱতী ভট্টাচাৰ্য Lilabati Bhattacherjee আছিল এগৰাকী ভাৰতীয় খনিজবিদ্যাবিদ, স্ফটিকবিজ্ঞানী, আৰু এগৰাকী পদাৰ্থ বিজ্ঞানী। তেখেতে বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ লগত অধ্যয়ন কৰিছিল। ১৯৫১ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।

হালনাগাদ: ১২ অক্টোবৰ ২০২৪ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

লীলাৱতী ভট্টাচাৰ্য Lilabati Bhattacherjee আছিল এগৰাকী ভাৰতীয় খনিজবিদ্যাবিদ, স্ফটিকবিজ্ঞানী, আৰু এগৰাকী পদাৰ্থ বিজ্ঞানী। তেখেতে বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ লগত অধ্যয়ন কৰিছিল। ১৯৫১ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। তেখেতেৰ বিশেষ ক্ষেত্ৰকেইখন হৈছে-গঠনগত স্ফটিকবিজ্ঞান, আলোকীয় ৰূপান্তৰণ পদ্ধতি, কম্পিউটাৰ প্ৰগ্ৰামিং, প্ৰাৱস্থা ৰূপান্তৰণ(phase transformation), স্ফটিকী বিকাশ,ভূম্যবয়ব(topography), যন্ত্ৰীকৰণ(instrumentation)। তেখেতে এইকেইখন ক্ষেত্ৰলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে।১২৩ তেখেতে ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগত জ্যেষ্ঠ খনিজবিদ্যাবিদ হিচাপে কৰ্মনিৰ্বাহ কৰিছিল। আৰু পাছলৈ সেইটো প্ৰতিষ্ঠানৰ খনিজ পদাৰ্থ বিজ্ঞান শাখাৰ সঞ্চালকৰ দায়িত্ব পালন কৰিছিল। তেখেতে শিৱব্ৰত ভট্টাচাৰ্যৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে। তেওঁলোক দুটা সন্তানৰ অভিভাৱক।

তথ্যসূত্ৰ

  1. ↑ Bednowitz, Allan L.; Segmüller, Armin P. (2013-04-17). World Directory of Crystallographers: And of Other Scientists Employing Crystallographic Methods. Springer Science & Business Media. ISBN 9789401737012
  2. ↑ Ray, L. (1957). Space-Group and Unit-Cell of Harmine, C 13 H 4 ON 2. Zeitschrift für Kristallographie, 108(5-6), pp.459-461
  3. ↑ Bhattacherjee, Lilabati. "FOURIER SYNTHESIS OF THE STRUCTURE OF NOR-HARMAN." Proceedings of the National Institute of Sciences of India: Physical sciences 29.4 (1963): 460

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানীভাৰতীয় পদাৰ্থ বিজ্ঞানীভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীলাৱতী ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৪৩৭০২৫ (১২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।