অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিপাশা বৰা

বিপাশা বৰা (Bipasha Borah) হৈছে এগৰাকী অসমীয়া গল্পকাৰ।

হালনাগাদ: ১৭ মে’ ২০২৬ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

বিপাশা বৰা (Bipasha Borah) হৈছে এগৰাকী অসমীয়া গল্পকাৰ।

জন্ম

১৯৮৬ চনত যোৰহাটৰ সৰু চৰাই চাহ বাগিছাত বিপাশা বৰাৰ জন্ম হয়।১

শিক্ষা

স্নাতক পৰ্যন্ত তেওঁ শিক্ষা যোৰহাটত কৰিছিল। যোৰহাটৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা মহাবদ্যালয়ৰ পৰা ইতিহাস সন্মানীয় বিষয় হিচাপে লৈ স্নাতকত উত্তীৰ্ণ হয়। পাছত তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতি অধ্যয়ন বিভাগৰ পৰা স্নাতকোত্তৰ পাছ কৰে।১

সাহিত্যৰাজি

চুটিগল্প

  1. মৌ-মাখি সাম্ৰাজ্য (আখৰ, ২০১৪)১'
  2. থাওলিপলিঙক মানুহে পাহৰি পেলাইছে (আঁক-বাক, ২০১৮)

উপন্যাস

  1. জাকাৰান্দা (বনলতা, ২০২২)

বঁটা আৰু সন্মান

  1. মৌ-মাখি সাম্ৰাজ্য নামৰ গল্পপুথিৰ বাবে বিপাশা বৰাই ২০১৮ চনত সাহিত্য অকাডেমিৰ “যুৱ পুৰস্কাৰ” লাভ কৰে।২
  2. জাকাৰান্দা উপন্যাসৰ বাবে ২০২৩ বৰ্ষৰ অক্টোবৰ মাহত"গোলাপ চন্দ্ৰ বৰা সোঁৱৰণী উপন্যাস বঁটা" লাভ কৰে৷

তথ্যসূত্ৰ

  1. ↑ সত্যেন্দ্ৰনাথ শৰ্মা. ((অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত)). পৃ. ১৩
  2. ↑ যুৱা পুৰস্কাৰ. সাহিত্য অকাডেমি

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকসাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বিজয়ীঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিপাশা বৰা” প্ৰবন্ধৰ সংশোধন ৬০৬৮৭০ (১৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।