অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাগৱতী দেৱী

ভাগৱতী দেৱী (Bhagwati Devi,জন্ম-৬ নৱেম্বৰ ১৯৩৬) এগৰাকী ভাৰতীয় ৰাজনৈতিক আৰু সমাজকৰ্মী৷ তেওঁ বিহাৰ ৰাজ্যৰ গয়া জিলা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সংসদ সদস্য।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ৩৬ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

ভাগৱতী দেৱী (Bhagwati Devi,জন্ম-৬ নৱেম্বৰ ১৯৩৬) এগৰাকী ভাৰতীয় ৰাজনৈতিক আৰু সমাজকৰ্মী৷ তেওঁ বিহাৰ ৰাজ্যৰ গয়া জিলা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সংসদ সদস্য।১

প্ৰাথমিক জীৱন

১৯৩৬ চনৰ ৬ নৱেম্বৰত বিহাৰৰ ঔৰংগাবাদ জিলাৰ অন্তৰ্গত মিঠাইয়া গাঁৱত ভাগৱতী দেৱীৰ জন্ম হৈছিল।১

কেৰিয়াৰ

১৯৬৯ চনত তেওঁ বিহাৰ বিধানসভাৰ সদস্য হয়।১ ১৯৯৫–৯৬ চনৰ সময়ছোৱাত তেওঁ নিম্নোক্ত পদসমূহত অধিষ্ঠিত হয়—

১. বিহাৰ বিধানসভাৰ বিভিন্ন সমিতিৰ সদস্য

২. সদস্য, বিদ্যুৎ ব’ৰ্ড সমিতি, বিহাৰ

১৯৯৬ চনত তেওঁ একাদশ লোকসভালৈ নিৰ্বাচিত হয়।১

বিশেষ আগ্ৰহ আৰু সামাজিক কাৰ্য্যকলাপ

সমাজৰ নিপীড়িত আৰু দুৰ্বল শ্ৰেণীৰ উত্থানৰ দিশত তেওঁ গুৰুত্বপূৰ্ণ কাম কৰে। নাৰীৰ কল্যাণ আৰু সামাজিক ন্যায়ৰ বাবে সংগ্ৰামৰ দিশতো তেওঁ অৰিহণা যোগাইছে। তেওঁ ব্যক্তিগত সময় সৎসংগৰ বাবেও উচৰ্গা কৰে।১

অন্যান্য তথ্য

ভাগৱতীয়ে স্বাধীনতা সংগ্ৰামত অংশ লৈছিল আৰু ৰাজনৈতিক আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে কেইবাবাৰো কাৰাগাৰত ভৰ্তি হৈছিল। সমাজবাদী পাৰ্টি আৰু জনতা দলত বিভিন্ন পদত তেওঁ অধিষ্ঠিত হৈছে। ৰাম মনোহৰ লোহিয়া, জয়প্ৰকাশ নাৰায়ণ আৰু কৰ্পুৰী ঠাকুৰৰ সৈতে তেওঁ জড়িত হৈছিল। তেওঁৰ জীৱনীখন হৈছে "ধৰতী কি বেটি"৷ লিখিছে ৰাম প্যাৰে সিঙে।১১২

তথ্যসূত্ৰ

  1. ↑ Biographical Sketch Member of Parliament 11th Lok Sabha
  2. ↑ (1997-06-09). Bhagwati Devi, Brinda Karat spar over Women's Reservation Bill: INDIASCOPE - India Today. Indiatoday.intoday.in

সম্পৰ্কিত শ্ৰেণী

লোকসভাৰ সাংসদভাৰতৰ মহিলা সাংসদসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাগৱতী দেৱী” প্ৰবন্ধৰ সংশোধন ৪৭৪৭৮২ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।