অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিভা দত্ত নেওগ

বিভা দত্ত নেওগ ( Bibha Dutta Neog) একাধাৰে নিবন্ধকাৰ, কবি, গীতিকাৰ, গল্পকাৰ, সম্পাদক, পাঠ্যপুথি প্ৰণেতা আৰু গৱেষক। দীৰ্ঘদিন ধৰি বিভা দত্ত নেওগে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰখনত গৱেষণামূলক লেখনিৰে সমৃদ্ধ কৰি আহিছে।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৪ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বিভা দত্ত নেওগ ( Bibha Dutta Neog) একাধাৰে নিবন্ধকাৰ, কবি, গীতিকাৰ১, গল্পকাৰ, সম্পাদক, পাঠ্যপুথি প্ৰণেতা আৰু গৱেষক।২ দীৰ্ঘদিন ধৰি বিভা দত্ত নেওগে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰখনত গৱেষণামূলক লেখনিৰে সমৃদ্ধ কৰি আহিছে। বিভা দিত্ত নেওগৰ বিভিন্ন বিষয়ৰ কথিকা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যোগে সম্প্ৰচাৰিত হৈ আহিছে। তেখেতে ধেমাজি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে সেৱা আগবঢ়াই ২০২২ চনৰ নম্বেম্বৰত অৱসৰ গ্ৰহণ কৰিছে৷২

জন্ম আৰু বংশ পৰিচয়

বিভা দত্ত নেওগৰ জন্ম হয় ২৩ জানুৱাৰী, ১৯৬৩ চনত শিৱসাগৰ জিলাৰ তদানীন্তন সোণাৰি মহকুমাৰ (বৰ্তমান চৰাইদেউ জিলা) বৰুৱা নগৰত। তেখেতৰ পিতৃ ইন্দ্ৰকান্ত দত্ত বৃহত্তৰ বৰুৱানগৰৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল আৰু মাতৃ সুবৰ্ণলতা দত্ত একেখন বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী তথা মুক্তিযোদ্ধা আছিল।২ তেখেতৰ স্বামীৰ নাম দিলীপ কুমাৰ নেওগ আৰু দুগৰাকী সন্তানৰ নাম ক্ৰমে- দৰ্শনা নেওগ আৰু বৰ্ণাস্থা নেওগ৷

শিক্ষা

  • প্ৰাথমিক শিক্ষাঃ খ্ৰীয়াভেটা নিম্ন প্ৰাথমিক বিদ্যলয়
  • মাধ্যমিক শিক্ষাঃ বৰুৱানগৰ মধ্যমিক বিদ্যালয়
  • স্নাতকঃ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়
  • স্নাতকোত্তৰঃ অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
  • এম. ফিলঃ অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
  • পি. এইচ. ডিঃ অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়। গৱেষণাৰ বিষয়: 'পাৰ্বতিপ্ৰসাদৰ গীত আৰু কবিতাৰ বিশ্লেষণাত্মক অধ্যয়ন”। ২০০১ চন।

চাকৰি জীৱন

বিভা দত্ত নেওগে ১৯৯০ চনত ঢকুৱাখনা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি ১৯৯৬ চনত ধেমাজি মহাবিদ্যালয়ৰ অসমীয়া বিভাগত সহকাৰী অধ্যাপিকা, সহযোগী অধ্যাপিকা, বিভাগীয় মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ২০২২ চনৰ নৱেম্বৰ মাহত চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে। তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষণা তত্ত্বাবধায়ক হিচাপে স্বীকৃতি লাভ কৰিছে।২

সাহিত্যৰাজি

সাহিত্য সমালোচনা আৰু গৱেষণাধৰ্মী গ্ৰন্থ

  • সাহিত্যৰ সমীক্ষা; প্ৰকাশক- কিৰণ প্ৰকাশন, ধেমাজি, ২০০৫
  • পাৰ্বতিপ্ৰসাদৰ জীৱন দৰ্শন আৰু সাহিত্য; অসম সাহিত্য সভা, ২০০৫
  • ভাষা সাহিত্য সংস্কৃতিঃ প্ৰসংগ অনুষংগ; কিৰণ প্ৰকাশন, ধেমাজি, ২০২২

সম্পাদিত গ্ৰন্থ

  • সাহিত্য স্বাদ বৈচিত্ৰ্য; (যুটীয়া সম্পা.) অসম সাহিত্য সভা, লণ্ডন ( ASSUK) আৰু কিৰণ প্ৰকাশন, ২০০৯
  • মামণি ৰয়ছম গোস্বামী: স্মৰণ, সৃজন, মনন; কিৰণ প্ৰকাশন, ধেমাজি, ২০১২
  • সুন্দাকাণ্ড ৰামায়ণ; কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৫
  • প্ৰজ্ঞা পাৰমিতা (ড° কৰবী ডেকা হাজৰিকাৰ সাহিত্যৰ বিশ্লেষণাত্মক অধ্যয়ন); মুখ্য সম্পাদক, জাগৰণ প্ৰকাশন, গুৱাহাটী, ২০২২
  • ড° দিলীপ কুমাৰ দত্তৰ জীৱন কৃতি আৰু দৃষ্টি (যুটীয়া সম্পা.); শব্দ প্ৰকাশ, যোৰহাট, ২০২২৩

সম্পাদিত গবেষণা পত্ৰিকা

  • Journal of Basic Research in Science, Arts and Humanities (A peer reviewed Journal), Joint Editor, Vol. 1/2012, Dhemaji College
  • দাপোণ, গৱেষণা পত্ৰিকা, ধেমাজি মহাবিদ্যালয় মহিলা কোষ; ২০১৩

পাঠ্য পুথি

  • কবিতা মুকুৰ (কাব্য সংকলন); কিৰণ প্ৰকাশন, ধেমাজি, ২০১২
  • অসমীয়া গদ্য চয়ন (গদ্য সংকলন; সম্পা - যুটীয়া); কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৩

তথ্যসূত্ৰ

  1. ↑ Wynk Music
  2. ↑ Dhemaji College Website. Dhemaji College
  3. ↑ Dr. Bibha Dutta Neog (Author), Dr. Anjan Kumar Dutta (Author). ডঃ দিলীপ কুমাৰ দত্তৰ জীবন কৃতি আৰু দৃষ্টি. BANDHAV (1 January 2022)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিভা দত্ত নেওগ” প্ৰবন্ধৰ সংশোধন ৪৩২২৯৪ (১৭ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।