অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বেগম বদৰুনেছা আহমেদ

বেগম বদৰুনেছা আহমেদ (Begum Badrunnessa Ahmed (১৯০৩ – ২০ এপ্ৰিল ১৯৮০) এগৰাকী বাংলাদেশী সমাজ কৰ্মী।

হালনাগাদ: ২২ মাৰ্চ ২০২৫ ৫২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বেগম বদৰুনেছা আহমেদ (Begum Badrunnessa Ahmed (১৯০৩ – ২০ এপ্ৰিল ১৯৮০) এগৰাকী বাংলাদেশী সমাজ কৰ্মী।১২

জীৱনী

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯০৩ চনত তদানীন্তন ব্ৰিটিছ ভাৰতৰ মাণিকগঞ্জ জিলাৰ চিংগাইৰত পৰিল জমিদাৰ পৰিয়ালত আহমেদৰ জন্ম হৈছিল। কলকাতাৰ ব্যৱসায়ী মোছলেহুদ্দিন আহমেদৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত তেওঁ কলকাতালৈ গুচি যায় আৰু তাতেই তেওঁ নাৰী শিক্ষাৰ প্ৰসাৰৰ বাবে কাম কৰে।২

কৰ্মজীৱন

১৯৩০ চনত আহমেদে আব্দুল্লা চুহৰাৱাৰ্ডি বালিকা বিদ্যালয়ৰ পৰিচালনা সমিতিত যোগদান কৰে। ১৯৪৬ চনৰ ডাইৰেক্ট একচন দিৱসৰ দিনা কলকাতাত সংঘটিত হোৱা গোষ্ঠী-সংঘৰ্ষৰ সময়ত কলকাতাৰ মিৰ্জাপুৰ ষ্ট্ৰীটত ধৰ্মীয় সংঘৰ্ষ ৰোধৰ বাবে তেওঁ কাম কৰিছিল। ভাৰত বিভাজনৰ পিছত ১৯৫১ চনত তেওঁ পূব পাকিস্তানৰ ঢাকাৰ গেণ্ডাৰিয়ালৈ গুচি যায়। গেণ্ডাৰিয়া প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ লগতে বুলবুল একাডেমী অৱ ফাইন আৰ্টছৰ প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ অল পাকিস্তান মহিলা সন্থাৰ সদস্য আছিল। ১৯৬০ চনত আহমেদে মুছলিম গাৰ্লছ হাইস্কুলত শিক্ষকতা জীৱন আৰম্ভ কৰে।২

মৃত্যু আৰু উত্তৰাধিকাৰ

১৯৮০ চনৰ ২০ এপ্ৰিলত ঢাকাত আহমেদৰ মৃত্যু হয় আৰু আজিমপুৰ কবৰস্থানত তেওঁক সমাধিস্থ কৰা হয়।২ ১৯৬৯ চনত পূব পাকিস্তানত হোৱা বিদ্ৰোহৰ সময়ত তেওঁ এৰি দিয়া তামঘা-ই-পাকিস্তান বঁটা লাভ কৰে।২ তেওঁৰ ভতিজী আশ্ৰাফী খানাম বংগত ৰেকৰ্ডিং কৰা প্ৰথমগৰাকী মহিলা মুছলমান সংগীতজ্ঞ আছিল।৩

তথ্যসূত্ৰ

  1. ↑ (1974). Bangladesh. Embassy of Bangladesh. পৃ. 3
  2. ↑ Islam, Sirajul. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
  3. ↑ Islam, Sirajul. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ নাৰী অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেগম বদৰুনেছা আহমেদ” প্ৰবন্ধৰ সংশোধন ৪৯৫৫৬৭ (২২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।