অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বৈজয়ন্তী চাৰী

বৈজয়ন্তী চাৰী (Vyjayanthi Chari; জন্ম: ১৯৫৮) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে ৰিভাৰচাইডত থকা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গণিত বিষয়ত অধ্যাপনাৰত। তেখেতে উপস্থাপন-তত্ত্ব আৰু কোৱাণ্টাম বীজগণিত সম্পৰ্কে গৱেষণা কৰিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৫ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বৈজয়ন্তী চাৰী (Vyjayanthi Chari; জন্ম: ১৯৫৮)১ হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে ৰিভাৰচাইডত থকা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গণিত বিষয়ত অধ্যাপনাৰত। তেখেতে উপস্থাপন-তত্ত্ব আৰু কোৱাণ্টাম বীজগণিত সম্পৰ্কে গৱেষণা কৰিছে।২

চাৰীয়ে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰ আৰু ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে।২ তেখেতে গৱেষণা কৰিছিল ৰাজাগোপালন পাৰ্থসাৰথিৰ অধীনত।

এন্দ্ৰিউ এন. প্ৰেছলিৰ সৈতে যুটীয়াভাৱে তেখেতে "এ গাইড টু কোৱাণ্টাম গ্ৰুপছ্" নামৰ গ্ৰন্থখন প্ৰণয়ণ কৰে। কিতাপখন কেমব্ৰিজ ইউনিভাৰ্ছিটি প্ৰেছে ১৯৯৪ চনত প্ৰকাশ কৰিছিল।৩

কৰ্মজীৱন

ৰাজাগোপালন পাৰ্থসাৰথিৰ অধীনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী অৰ্জন কৰাৰ সময়ত চাৰী টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ এগৰাকী সদস্য আছিল। ১৯৯১ চনত তেখেতে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত(UCR) যোগদান কৰে। তেখেতে বহুকেইটা অনাৱাসিক পদত কৰ্মনিৰ্বাহ কৰিছে। তাৰে ভিতৰত আছে: ছুইডেনৰ মিটাগ-লেফলাৰ প্ৰতিষ্ঠানত জ্যেষ্ঠ অংশগ্ৰহণকাৰী; জাৰ্মানীৰ কলন বিশ্ববিদ্যালয়ত আমন্ত্ৰিত অধ্যাপক; পেৰিছ ৭, ফ্ৰান্সত আমন্ত্ৰিত অধ্যাপক; ৰ'ড আইলেণ্ডত থকা ব্ৰাউন বিশ্ববিদ্যালয়লৈ আমন্ত্ৰিত গৱেষক-সদস্য হিচাপে; বন, জাৰ্মানীৰ হ'ছড্ৰফ গৱেষণা প্ৰতিষ্ঠানলৈ আমন্ত্ৰিত জ্যেষ্ঠ অংশগ্ৰহণকাৰী হিচাপে; ইটালীৰ ৰোম টাৰ ভাৰগাটা বিশ্ববিদ্যালয়লৈ আমন্ত্ৰিত অধ্যাপক। ৪

তেখেত "পেছিফিক জাৰ্ণেল অৱ মেথেমেটিকছ্" আৰু "এলজেব্ৰাছ্ এণ্ড ৰিপ্ৰেজেণ্টেছন থিয়ৰি"ৰ সম্পাদনাৰ লগতো জড়িত আছিল।

স্বীকৃতি

  • কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ৰিভাৰচাইদৰ একাডেমিক চিনেটে প্ৰদান কৰা ডক্তৰেল গৱেষণাপত্ৰ উপদেষ্টা/পৰামৰ্শদাতা বঁটা।৪.
  • ২০১৫ চনত তেখেত আমেৰিকান গাণিতিক সমাজৰ এগৰাকী সভ্য হিচাপে নিৰ্বাচিত হয়। ৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Birth year from ISNI authority control file, accessed 2018-11-26
  2. ↑ Faculty profile. Department of Mathematics, University of California, Riverside
  3. ↑ Review of A Guide to Quantum Groups by Tomasz Brzeziński (1995)
  4. ↑ October 30, Iqbal Pittalwala on; 2015. Mathematician Named Fellow of American Mathematical Society. UCR Today
  5. ↑ 2016 Class of the Fellows of the AMS. American Mathematical Society

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মূলৰ আমেৰিকানভাৰতীয় গণিতজ্ঞভাৰতীয় মহিলা গণিতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈজয়ন্তী চাৰী” প্ৰবন্ধৰ সংশোধন ৫৩৯৭৭৭ (২৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।