অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বীৰেন্দ্ৰ শৰ্মা

বীৰেন্দ্ৰ শৰ্মা অসমৰ এগৰাকী বিশিষ্ট লোকশিল্পী, দৰঙী ব্যাস সংগীতৰ ওজা, সূত্ৰধাৰী আৰু ভাৱৰীয়া ওজাৰ শিল্পী৷ শেহতীয়াকৈ তেওঁলৈ বিশিষ্ট অৱদনৰ বাবে ২০১৪ বৰ্ষৰ বকুল বনৰ বঁটা প্ৰদান কৰা হৈছে৷ বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতিত বকুল বন ন্যাসে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰে৷

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

বীৰেন্দ্ৰ শৰ্মা অসমৰ এগৰাকী বিশিষ্ট লোকশিল্পী, দৰঙী ব্যাস সংগীতৰ ওজা, সূত্ৰধাৰী আৰু ভাৱৰীয়া ওজাৰ শিল্পী৷ শেহতীয়াকৈ তেওঁলৈ বিশিষ্ট অৱদনৰ বাবে ২০১৪ বৰ্ষৰ বকুল বনৰ বঁটা প্ৰদান কৰা হৈছে৷ বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতিত বকুল বন ন্যাসে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰে৷১

জীৱন

বীৰেন্দ্ৰ শৰ্মা (ওজা) ছিপাঝাৰৰ ঘাৰোৱা সোণাপুৰৰ গোপালঝাৰ গাঁৱৰ মাজৰচুব্বাৰ বাসিন্দা৷ তেওঁ বিগত ছটা দশক জুৰি অসমৰ লোক-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অৱদান আগবঢ়াই আহিছে৷ তেওঁ সুত্ৰধাৰী আৰু ভাৱৰীয়া ওজাৰ সফল শিল্পী ৰূপেও পৰিগণিত৷ তাৰোপৰি তেওঁ গীতা, ভাগৱতৰ পাঠেকী, ব্যাস সংগীতৰ শিল্পী৷ অসমীয়া কথাছবি 'আজান ফকিৰ চাহাব'ত ব্যাস ওজাপালিৰ দৃশ্যাংশত তেওঁ অংশ লৈছিল৷১

১৯৫৮ চনত তেওঁ দৰঙী লোক-সংস্কৃতিৰ প্ৰসাৰৰ বাবে মিলন খুলীয়া ভাৱৰীয়াৰ দল গঠন কৰে৷১

অৱদান

গ্ৰন্থ

  • অস্বনিদান কুমাৰ্ৱলী বধ
  • খটাসুৰ বধ

লোকগীত

ডেৰকুৰিৰো অধিক থলুৱা গীত

তথ্যসূত্ৰ

  1. ↑ আমাৰ অসম কাকতত প্ৰকাশিত বাতৰি. ১৬ জানুৱাৰী, ২০১৪

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰেন্দ্ৰ শৰ্মা” প্ৰবন্ধৰ সংশোধন ৩৮৫৫০৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।