বুনৰেউং বুয়াচান (Boonreung Buachan; ১৯৬৯ – ২২ মাৰ্চ, ২০০৪) আছিল সাপ চম্ভালিব পৰা ক্ষমতাৰ বাবে পৰিচিত এজন থাই ব্যক্তি, বিশেষকৈ তেওঁ ৰজা ফেঁটী চম্ভালিব পৰা ক্ষমতাক ৰাজহুৱা অভিনয়ত প্ৰদৰ্শন কৰিছিল। ১৯৯৮ চনত তেওঁ সাপৰ সৈতে কাঁচৰ বাকচ এটাৰ ভিতৰত সাতদিন থাকি সাপৰ সৈতে সৰ্বাধিক সময় কটোৱাৰ বাবে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ খিতাপ অৰ্জন কৰে।১
২০০৪ চনৰ ২৪ মাৰ্চত থাইলেণ্ডৰ ফ্ৰাই বুয়েঙত দৈনিক অনুষ্ঠানৰ সময়ত ৰজা ফেঁটীয়ে খোঁট মৰাৰ পাছত বুয়াচানৰ মৃত্যু হয়।২ কিছু বনৌষধি আৰু হুইস্কি খোৱাৰ পাছত তেওঁ নিজৰ শ্ব’টো আগবঢ়াই নিয়ে যদিও এটা সময়ত মৃগীৰোগীৰ দৰে চেতনাহীন হৈ ঢলি পৰে।৩১ অচেতন অৱস্থাতে তেওঁক ফ্ৰাই বুয়েং হাস্পতাললৈ লৈ যোৱা হয়, য’ত তেওঁৰ মৃত্যু হয়।১
মৃত্যুৰ বাবে তেওঁ ডাৰউইন বঁটা লাভ কৰে।৪ নেচনেল জিঅ'গ্ৰাফিক টিভিৰ হাণ্টাৰ হাণ্টেড খণ্ড "ভিক্টিমছ অৱ ভেনম" আছিল তেওঁৰ মৃত্যুৰ বিষয়-বস্তু।৫
তথ্যসূত্ৰ
- ↑ (March 22, 2004). 'Snake Man' Dies Of .. Snake Bite. CBS News. Associated Press
- ↑ (2004-03-23). Thailand's 'Snake Man' killed by cobra bite. The Globe and Mail
- ↑ Warrell, D.A. (2009-09-01). Commissioned article: management of exotic snakebites. QJM: An International Journal of Medicine. পৃ. 593–601
- ↑ 2004 Darwin Award: Snake Man. darwinawards.com
- ↑ Hunter Hunted. National Geographic - Videos, TV Shows & Photos - Middle East - English
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুনৰেউং বুয়াচান” প্ৰবন্ধৰ সংশোধন ৬১৭৯০৬ (১৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।