বৈদ্যুতিক টাৱাৰ বা সংবহন টাৱাৰ বা শক্তি টাৱাৰ ( Transmission Tower or Power Tower) হৈছে এটা ওখ, সাধাৰণতে তীখাৰে নিৰ্মিত স্তম্ভ বা অৱয়ৱ য'ত বিদ্যুৎ পৰিবাহী তাঁৰক সংস্থাপিত কৰা হয়।
এই টাৱাৰবোৰ উচ্চ ভল্টেজ আৰু নিম্ন ভল্টেজৰ দুয়োধৰণৰ প্ৰণালীতেই ব্যৱহাৰ কৰা হয়। এইবোৰৰ আকাৰ আৰু আকৃতি ভিন্ ভিন্ হ'ব পাৰে। সাধাৰণতে এইবোৰৰ উচ্চতা ১৫ মিটাৰৰ পৰা ৫৫ মিটাৰ(৪৯-১৮০ ফুট) পৰ্যন্ত হয় যদিও,১ "ঝাউছান আইলেণ্ড অভাৰহেড পাৱাৰলাইন টাই"ত থকা টাৱাৰৰ উচ্চতা হৈছে ৩৭০ মিটাৰ (Zhoushan Island Overhead Powerline Tie)। আৰু 'Span'(দুটা স্তম্ভৰ মাজত ওলমি থকা তাঁৰৰ দৈৰ্ঘ্য) হৈছে ২৭০০ মিটাৰ।
সংবহন টাৱাৰক চাৰিটা শ্ৰেণীত ভাগ কৰিব পাৰি:১ছাছপেঞ্চন টাৱাৰ, প্ৰান্তীয় টাৱাৰ(Terminal), টেনছন টাৱাৰ, আৰু পক্ষান্তৰিত টাৱাৰ(transposition)। সংবহন টাৱাৰ আৰু ঊৰ্ধস্থিত বিদ্যুৎ পৰিবাহী তাঁৰৰ এই গোটেই ব্যৱস্থাটোক "দৃশ্য-প্ৰদূষণ"(Visual Pollution) বুলি ধৰা হয়। আণ্ডাৰগ্ৰাউণ্ড ব্যৱ্স্থাৰ জৰিয়তে এই দৃশ্যগত দুবিধাটো হ্ৰাস কৰিব পাৰি। ২
তথ্যসূত্ৰ
- ↑ (2007-04-30). Environmental, Health, and Safety Guidelines for Electric Power Transmission and Distribution. International Finance Corporation. পৃ. 21
- ↑ www.academia.edu/26498276/Transmission_tower_A_t
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈদ্যুতিক টাৱাৰ” প্ৰবন্ধৰ সংশোধন ৪৩৮৪৭৭ (১৬ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।