বিৰিঞ্চি কুমাৰ মেধি এগৰাকী অসমীয়া গল্পকাৰ। তেওঁ উপন্যাস, শিশুৰ উপযোগী গ্ৰন্থ লিখাৰ লগতে গ্ৰন্থ সম্পাদনাও কৰিছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।১
জন্ম
গল্পকাৰ বিৰিঞ্চি কুমাৰ মেধিৰ জন্ম হৈছিল ১৯৫০ চনৰ ১৪ নবেম্বৰত, মঙলদৈ চহৰত।
শিক্ষাজীৱন
তেওঁ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৭০ আৰু ১৯৭৭ চনত ক্ৰমে নৃতত্ত্ব আৰু অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নৃতত্ত্ব বিভাগত অধ্যাপনা কৰিছিল।
সাহিত্য জীৱন
গল্প-সংকলন
- অভিনন্দিত সংবাদ (১৯৮২)
- আকাশ বিমান (১৯৮৪)
উপন্যাস
- আজন্মৰ সহচৰ(১৯৮০)
শিশু গ্ৰন্থ
- এখন দেশ অলেখ মানুহ
নিবন্ধ সংকলন
- চৰাচৰ (১৯৯৮)
- পদুম পাতৰ পানী (১৯৯৮)
- লোকাৰণ (১৯৯৮)
সম্পাদিত কিতাপ
- অসমীয়া উপন্যাস সাহিত্যৰ নিৰ্যাস (১৯৯৩)
বটাঁ
- এন.চি.ই.আৰ.টি. (১৯৭৪)
তথ্যসূত্ৰ
- ↑ কথা বৰেণ্য ১০০ (২০০৬), শোণিত বিজয় দাস আৰু মুনীন বায়ন (সম্পা.), কথা প্ৰকাশন, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিৰিঞ্চি কুমাৰ মেধি” প্ৰবন্ধৰ সংশোধন ৫২৬৬৬০ (২৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।