বিদ্যাৱতী চতুৰ্বেদী (Vidyawati Chaturvedi, ১৯২৬–২০০৯) মধ্যপ্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷১২৩ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য৷ ১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈ অবিভক্ত মধ্যপ্ৰদেশ বিধানসভাৰ লাউণ্ডি বিধানসভা সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰিছিল।৪৫ ১৯৮০ চনৰ পৰা ১৯৮৯ চনৰ ভিতৰত খাজুৰাহো (লোকসভা সমষ্টি)কো তেওঁ প্ৰতিনিধিত্ব কৰিছিল। পিছত তেওঁৰ পুত্ৰ সত্যব্ৰত চতুৰ্বেদীও খজুৰাহোৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ দুবাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল৷ ১৯৬৬ চনৰ পৰা ১৯৭২ চনলৈ আৰু ১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈকে তেওঁ ৰাজ্যসভাত আছিল৷ তেওঁৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ কোলহাপুৰত৷ বাবু ৰাম চতুৰ্বেদী তেওঁৰ স্বামী৷ ২০০৯ চনৰ ১১ মাৰ্চত বিদ্যাৱতী চতুৰ্বেদীৰ মৃত্যু হয়৷
তথ্যসূত্ৰ
- ↑ India. Ministry of Information and Broadcasting; India. Ministry of Information and Broadcasting. Research and Reference Division; India. Ministry of Information and Broadcasting. Publications Division. (1961). India, a reference annual. Publications Division, Ministry of Information and Broadcasting. পৃ. 429
- ↑ Madhya Pradesh (India). Directorate of Economics and Statistics. (1958). Statistical Abstract of Madhya Pradesh. Government Regional Press. পৃ. 255
- ↑ Times of India (Firm). (1958). The Times of India directory and year book including who's who. Bennett, Coleman & Co. পৃ. 1110
- ↑ (2004). General Elections of MP 1957. Election Commission Of India. পৃ. 10
- ↑ Madhya Pradesh Assembly Election Results in 1957
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদ্যাৱতী চতুৰ্বেদী” প্ৰবন্ধৰ সংশোধন ৪৭৩৮৪০ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।