অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পানীন্দ্ৰনাথ গগৈ

পানীন্দ্ৰনাথ গগৈ (১৮৭১-১৯০০) অসমৰ এজন সাহিত্যিক। তেখেতৰ গৃহ জিলা লখিমপুৰ। গগৈ দেৱ লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঞি বৰুৱাৰ সমসাময়িক এজন সাহিত্যিক আছিল। তেখেতৰ নামত প্ৰকাশিত তিনিখন গ্ৰন্থৰ তথ্য পোৱা যায়। সেয়া হ’ল ক্ৰমে- লৰাশিক্ষা আগছোৱা, লৰাশিক্ষা মাজছোৱা আৰু লৰাশিক্ষা শেহছোৱা।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

পানীন্দ্ৰনাথ গগৈ (১৮৭১-১৯০০) অসমৰ এজন সাহিত্যিক। তেখেতৰ গৃহ জিলা লখিমপুৰ। গগৈ দেৱ লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঞি বৰুৱাৰ সমসাময়িক এজন সাহিত্যিক আছিল। তেখেতৰ নামত প্ৰকাশিত তিনিখন গ্ৰন্থৰ তথ্য পোৱা যায়। সেয়া হ’ল ক্ৰমে- লৰাশিক্ষা আগছোৱা, লৰাশিক্ষা মাজছোৱা আৰু লৰাশিক্ষা শেহছোৱা। (আখৰ জোঁটনি গ্ৰন্থত থকাৰ দৰে উল্লেখ কৰা হৈছে। )১

জন্ম আৰু মৃত্যু

তেখেতৰ জন্ম হয় ১৮৭১ চনত লখিমপুৰ জিলাত।২ পিতৃৰ নাম কতীয়া গগৈ। মৃত্যু হয় ১৯০০ চনত।

সাহিত্যৰাজি

  • লৰাশিক্ষা আগছোৱা
  • লৰাশিক্ষা মাজছোৱা
  • লৰাশিক্ষা শেহছোৱা।

অন্যান্য

তেখেতৰ মৃত্যুত পদ্মনাথ গোহাঞি বৰুৱাই কবিতাত লিখিছিল-

বিষাদ ডাৱৰ হিয়া আকাশৰ

বৰষি পাতল হই

শোকৰ উপৰি উপৰিঞ্চিত শোক

ছাতিলা পানীন্দ্ৰ গই

জোনাকী কাকতত পানীন্দ্ৰনাথ গগৈৰ তিনিটা প্ৰবন্ধ প্ৰকাশ পাইছিল-

  • জাতীয় প্ৰেম,
  • আমাৰ উন্নতি নে অৱনতি আৰু
  • তেন্তেনো আমাৰ উপায় কি?

তথ্যসূত্ৰ

  1. ↑ প্ৰদীপ বৰুৱা. (২০২১). পাহৰণিৰ গৰ্ভত হেৰাই যোৱা সাহিত্যিক পানীন্দ্ৰনাথ গগৈ. প্ৰদীপ বৰুৱা. পৃ. ৩৬
  2. ↑ nilacharai.com/%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানীন্দ্ৰনাথ গগৈ” প্ৰবন্ধৰ সংশোধন ৪৯৪০৯৮ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।