পদুমী গগৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী শ্বহীদ৷ বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনত ২০ ছেপ্তেম্বৰৰ দিনা ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলত অংশগ্ৰহণ কৰি পুলিচৰ লাঠিচালনাত আঘাত পাইছিল আৰু আঘাতপ্ৰাপ্ত অৱস্থাতে তেওঁক গ্ৰেপ্তাৰ কৰি ছয় মাহৰ কাৰাদণ্ড দিছিল৷ পিছত মুকলি হৈছিল যদিও লাঠিৰ আঘাতৰ বাবেই তেওঁৰ মৃত্যু হৈছিল৷১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদুমী গগৈ” প্ৰবন্ধৰ সংশোধন ৪৬৫৮৭৪ (২৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।