নিম্মী (জন্ম:নবাব বানো; Nimmi; ১৮ ফেব্ৰুৱাৰী ১৯৩৩ – ২৫ মাৰ্চ ২০২০), হিন্দী ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ভাৰতীয় চলচ্চিত্ৰৰ "সোণালী যুগৰ" অন্যতম আগশাৰীৰ অভিনেত্ৰী হিচাপে গণ্য কৰা নিম্মি ১৯৫০ দশকৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল।১২
নিম্মীয়ে গাঁৱৰ উৎহাসী মহিলাৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিছিল যদিও ফেণ্টাচী আৰু সামাজিক ছবিৰ দৰে ভিন্ন ধাৰাতো অভিনয় কৰিছে। তেওঁৰ শ্ৰেষ্ঠ অভিনয় হৈছে বৰসাত (১৯৪৯), দীদাৰ (১৯৫১), সজা (১৯৫১), ভাৰতৰ প্ৰথম টেকনিকালাপ ছবি আন (১৯৫২), দাগ (১৯৫২), অমৰ (১৯৫৪), উৰাণ খতোলা (১৯৫৫), কুন্দন (১৯৫৫) আৰু বসন্ত বাহাৰ (১৯৫৬)। ৰাজ কাপুৰে তেওঁৰ নাম নবাব বানোৰ পৰা "নিম্মী"লৈ সলনি কৰে।৩
তথ্যসূত্ৰ
- ↑ Muslim female icons of Bollywood. The Nation
- ↑ Namrata Joshi. (26 March 2020). Nimmi, doe-eyed star of the 1950s, passes away at 87. The Hindu (newspaper)
- ↑ G. M. Durrani: The Forgotten Great Male Playback Singer (Guzare Zamaane ke Azeem Pratinidhi Gaayak)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিম্মী” প্ৰবন্ধৰ সংশোধন ৪৯১৪৭১ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।