নিকোলাছ লৰেন্স বৰ্মন (Nicolaas Laurens Burman; ২৭ ডিচেম্বৰ ১৭৩৪ – ১১ ছেপ্টেম্বৰ ১৭৯৩) আছিল এগৰাকী ডাচ উদ্ভিদবিদ।১
তেওঁ জোহানেছ বৰ্মন (১৭০৭–১৭৮০)ৰ পুত্ৰ আছিল। পিতৃৰ পিছত তেৱেঁই আমষ্টাৰডামৰ এথেনিয়াম ইলাষ্ট্ৰে আৰু হৰ্টাছ বটানিকাছতত উদ্ভিদ বিজ্ঞানৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কাৰ্ল লিনিয়াছৰ সৈতে চিঠিপত্ৰৰে যোগাযোগ অব্যাহত ৰাখিছিল আৰু ১৭৬০ চনত উপছালা বিশ্ববিদ্যালয়ত তেওঁৰ সৈতে যোগদান কৰে। তেওঁ স্পেচিমেন বʼটানিকাম ডি গেৰানিছ (Specimen botanicum de geraniis) (১৭৫৯) আৰু ফ্লʼৰা ইণ্ডিকা (Flora Indica) (১৭৬৮)কে ধৰি বহুতো গ্ৰন্থৰ লেখক। দৰাচলতে, তেওঁৰ ফ্লʼৰা ইণ্ডিকা নামৰ গ্ৰন্থখন পিছলৈ জোহান গেৰহাৰ্ড ক’নিগে (১৭২৮–১৭৮৫) সম্পূৰ্ণ কৰিছিল।
কৰ্মৰাজি

- (1768). Flora indica. Cornelius Haek
তথ্য সংগ্ৰহ
- (3 March 1991). Nicolaas Laurens Burman. Author Details. IPNI
তথ্যসূত্ৰ
- ↑ Burman, Nicolaas Laurens (Nicolaus Laurent) (1734-1793). JSTOR Global Plants
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিকোলাছ লৰেন্স বৰ্মন” প্ৰবন্ধৰ সংশোধন ৪৭৮৮৮৫ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।