পদ্মিনী চেট্টুৰ ( Padmini Chettur; জন্ম: ১৯৭০) এগৰাকী ভাৰতীয় সমকালীন নৃত্যশিল্পী আৰু চন্দ্ৰলেখাৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত কৰিঅ’গ্ৰাফাৰ। তেওঁ ভাৰতৰ চেন্নাইত নিজাকৈ নৃত্য কোম্পানী "পদ্মিনী চেত্তুৰ ডাঞ্চ কোম্পানী" চলায়।১২৩
১৯৭০ চনত জন্মগ্ৰহণ কৰা পদ্মিনী চেট্টুৰে সৰুৰে পৰা ভাৰতীয় শাস্ত্ৰীয় নৃত্য ভাৰত নাট্যমৰ প্ৰশিক্ষণ লবলৈ আৰম্ভ কৰিছিল। ১৯৯১ চনত পিলানীৰ বিৰলা ইনষ্টিটিউট অফ টেকন'লজী এণ্ড চাইন্স, পিলানীৰ (BITS) পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৪
কৰ্মজীৱন
১৯৮৯ চনত পদ্মিনীয়ে তেওঁৰ প্ৰথম সমকালীন সম্পৰীক্ষা চলায়।৫
১৯৯১ চনত চন্দ্ৰলেখাৰ দ্বাৰা পৰিচালিত নৃত্য কোম্পানীত যোগদান কৰে আৰু ২০০১ চনলৈকে কোম্পানীটোৰ সৈতে জড়িত থাকে, য’ত তেওঁ ‘লীলাৱতী,’ ‘প্ৰাণ,’ ‘অংগিকা,’ ‘শ্ৰী,’ ‘ভিন্ন প্ৰবাহ,’ ‘যন্ত্ৰ,’ ‘মহাকাল’ আৰু ‘শৰীৰ’ৰ দৰে প্ৰযোজনাত অংশ লয়।৬৭
তথ্যসূত্ৰ
- ↑ Swaminathan, Chitra. (22 November 2008). Beyond boundaries. দ্য হিন্দু
- ↑ Venkatraman, Leela. (22 January 2010). Is collaboration the new age mantra?. দ্য হিন্দু
- ↑ (26 November 2001). Celebrating the creative spirit. দ্য হিন্দু
- ↑ Sandpaper - The BITSAA Magazine. BITSAA International
- ↑ O'Shea, Janet. (2007). At Home in the world: Bharata natyam on the Global stage. Wesleyan University Press. পৃ. 17. ISBN 978-0-8195-6837-3
- ↑ (22 Nov 2008). Beyond boundaries. দ্য হিন্দু
- ↑ Rajaram, Poorva. (27 November 2010). You in the third row, wake up!. Tehelka
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মিনী চেট্টুৰ” প্ৰবন্ধৰ সংশোধন ৪৯১৪৮৬ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।