নুৰজাহান বসু (Noorjahan Bose; জন্ম: ১৪ মাৰ্চ ১৯৩৮)১এগৰাকী বাংলাদেশী লেখিকা আৰু মহিলা অধিকাৰ কৰ্মী। ২০১৬ চনত আত্মজীৱনী শাখাত তেওঁ বাংলা একাডেমী সাহিত্য বঁটা লাভ কৰে।২ তেওঁ আশা আৰু সংহাতী – মহিলা সবলীকৰণত গুৰুত্ব আৰোপ কৰা এটা অলাভজনক সংস্থা প্ৰতিষ্ঠা কৰে।৩
জীৱন
বংগোপসাগৰৰ বড়ো বৈশদিয়া নামৰ দ্বীপটোৰ কটাখালী গাঁৱত ১৯৩৮ চনৰ ১৪ মাৰ্চত বসুৰ জন্ম হৈছিল।৩ তেওঁ মেট্ৰিক পৰীক্ষা শেষ কৰিবলৈ বৰিশাললৈ গৈছিল। ১৭ বছৰ বয়সত পূব পাকিস্তান জুবো লীগৰ সাধাৰণ সম্পাদক ইমাদুল্লাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। গৰ্ভৱতী অৱস্থাত এবছৰৰ সময়ত ইমাদুল্লাৰ মৃত্যু হয়। প্ৰথম সন্তান জসীমৰ জন্মৰ পিছত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰা ছাদৰ গাৰ্লছ স্কুলত ছাত্ৰাবাসৰ ৱাৰ্ডেনৰ চাকৰি গ্ৰহণ কৰে৷
১৯৬৩ চনত তেওঁৰ প্ৰয়াত স্বামীৰ ঘনিষ্ঠ বন্ধু স্বদেশ বসুৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩ স্বদেশে কেমব্ৰিজ বিশ্ববিদ্যালয়ত পি এইচ ডিৰ বাবে বৃত্তি লাভ কৰাৰ বাবে দম্পতীটো আৰু জছিম ইংলেণ্ডৰ কেম্ব্ৰিজলৈ যায়।৪ ১৯৬৭ চনত তেওঁলোক কৰাচীলৈ গুচি যায়। নুৰজাহানে কেম্ব্ৰিজত এগৰাকী কন্যা মনিকা আৰু কৰাচীত দ্বিতীয় কন্যা অনিতাৰ জন্ম দিয়ে। মুক্তিযুদ্ধ আৰম্ভ হোৱাৰ ঠিক আগতে ১৯৭১ চনৰ আৰম্ভণিতে পৰিয়ালটো ঢাকালৈ গুচি যায়।
১৯৭৪ চনত পৰিয়ালটো ইংলেণ্ডৰ অক্সফৰ্ডলৈ আৰু তাৰ পৰা আমেৰিকাৰ ৱাশ্বিংটনলৈ গুচি যায় আৰু তাৰ পৰাই স্বদেশে বিশ্ব বেংকত চাকৰি পায়।৩ নুৰজাহানে সমাজ কৰ্মত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু কেথলিক চেৰিটিজ ৰিফিউজি প্ৰগ্ৰেমৰ সৈতে সমাজকৰ্মী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।৩
১৯৮৪ চনত নূৰজাহান বসুৱে সংহাটী প্ৰতিষ্ঠা কৰে।৫
বঁটা
কৰ্ম
- Agunmukhar Meye, Sahitya, Dhaka, 2009
- Bose, Noorjahan. (2023-08-03). Daughter of the Agunmukha. Oxford University Press. ISBN 978-1-80526-060-8
তথ্যসূত্ৰ
- ↑ Monu, Dil. (8 March 2017). আৰ্কাইভ কপি. bdnews24.com
- ↑ (23 January 2017). Bangla Academy Sahitya Puroshkar 2016 announced. The Daily Star
- ↑ Munim, Rifat. (4 March 2011). Beyond the Doll's House. The Daily Star
- ↑ (3 December 2009). Swadesh Bose passes away. The Daily Star
- ↑ Storytelling with Saris. storytellingwithsaris.com
- ↑ (3 March 2006). Ten women receive Anannya award. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নুৰজাহান বসু” প্ৰবন্ধৰ সংশোধন ৬০৭৮৭৩ (২৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।