নীলম সোণকাৰ (Neelam Sonkar; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৭৩) এজন ভাৰতীয় ৰাজনীতিবিদ।
তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি৷ দলটোৰ প্ৰাৰ্থী হিচাপে ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ লালগঞ্জ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ ১৬ নং লোকসভাত প্ৰৱেশ কৰে৷
নীলম সোণকাৰে ১৯৯৮ চনত গোৰখপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ (এম.এ) লাভ কৰে৷১
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৯৭৩ চনৰ ১১ ফেব্ৰুৱাৰীত পিতৃ ৰামচন্দ্ৰ আৰু মাতৃ ভাগ্যৱাণী দেৱীৰ ঘৰত নীলম সোণকাৰে জন্মগ্ৰহণ কৰিছিল। তেওঁ উত্তৰ প্ৰদেশৰ গোৰখপুৰত জন্মগ্ৰহণ কৰিছিল। নীলম সোণকাৰে গোৰখপুৰ বিশ্ববিদ্যালয়ৰ পৰা কলা স্নাতকোত্তৰ (এম এ) সম্পূৰ্ণ কৰিছে।
পদাধিকাৰসমূহ
মে', ২০১৪: ১৬ নং লোকসভালৈ নিৰ্বাচিত ১ ছেপ্টেম্বৰ ২০১৪ চনৰ পৰা: সদস্য, সামাজিক ন্যায় আৰু সৱলীকৰণৰ স্থায়ী সমিতি।২
এপ্ৰিল,২০১৬ চনৰ পৰা: ষ্টেণ্ড আপ ইণ্ডিয়া কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিচালনা সমিতিৰ সদস্য।২
তথ্যসূত্ৰ
- ↑ Neelam Sonkar. MyNeta.info
- ↑ Neelam Sonkar. Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলম সোণকাৰ” প্ৰবন্ধৰ সংশোধন ৪৭৯১৩৭ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।