নৱাংগ ভুটিয়া (Nawang Gyasto Bhutia) ছিক্কিমৰ এগৰাকী প্ৰকৃতিবিদ। তেওঁক ছিক্কিমৰ পখিলা মানৱ (Butterfly Man of Sikkim)১ নামেৰে জনা যায়। প্ৰকৃতি আৰু পখিলা সংৰক্ষণৰ বাবে জনাজাত ভুটিয়াৰ নাম আটাইতকৈ বেছি পখিলা হাতত তোলাৰ বাবে লিমকা বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে।২
ব্যক্তিগত জীৱন
ছিক্কিমৰ গ্যালচিং জিলাৰ য়ুকচ’মত নৱাংগ ভুটিয়াৰ জন্ম হৈছিল। ১৫ বছৰ বয়সৰপৰাই পখিলা খেদি ফুৰা এই ল’ৰাজনে বৰ্তমান ৪০ৰ দেওনা পাৰ কৰিছে আৰু যোৱা পোন্ধৰ বছৰে প্ৰকৃতি আৰু পখিলা সংৰক্ষণৰ বাবে কাম কৰি আহিছে।২
পখিলা সংৰক্ষণ

২০১০ চনৰপৰা নৱাংগ ভুটিয়াই পখিলা সংৰক্ষৰণৰ কামত হাত দিছিল। যদিও বৈজ্ঞানিকভাৱে সকলো নথিভুক্ত কৰাটো এটা কঠিন কাম আছিল, তথাপি পিছুৱাই নাহি তেওঁ সাধ্যনুসাৰে ইয়াক আগবঢ়াই লৈ যায়। এই যাত্ৰাত তেওঁ বহুকেইজন সংৰক্ষকক লগ পায় আৰু ২০১১ চনত সকলোৱে মিলি ছিক্কিমত বাটাৰফ্লাই এণ্ড মথ্চ অৱ ছিক্কিম এণ্ড নেচাৰ কনজাৰভেচন চ’ছাইটি (Butterflies and Moths of Sikkim and Nature Conservation Society) নামে এটি সেচ্ছাসেৱী সংগঠন প্ৰতিষ্ঠা কৰে।২ ভুটিয়াই বৰ্তমান এই সংগঠনৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।
২০১৪ চনত অসমত প্ৰথমখন উত্তৰপূৱ পখিলা সন্মিলন অনুষ্ঠিত হয় আৰু এই সন্মিলনে ভুটিয়াক প্ৰভাৱান্বিত কৰে। এই সন্মিলনৰ আধাৰত ২০১৫ চনত তেওঁ গৃহচহৰ য়ুকচ’মত বাটাৰফ্লাই মিট অৱ ছিক্কিম আয়োজন কৰে আৰু ইয়াত দেশৰ বিভিন্ন প্ৰান্তৰ গৱেষক, ছাত্ৰ আৰু বিজ্ঞানীয়ে ভাগ লয়। অসমৰ পখিলা আৰু মথ বিশেষজ্ঞ মনচুন জ্যোতি গগৈক পৰামৰ্শদাতা (Mentor) ৰূপে লৈ অনুষ্ঠিত কৰা এই সন্মিলন সম্পৰ্কে এটা সাক্ষাৎকাৰত ভুটিয়াই এনেদৰে কৈছে;
“এই সন্মিলনে আমাক ছিক্কিমত পোৱা পখিলাৰ তথ্য সংগ্ৰহ কৰাত সহায় কৰিলে। সংৰক্ষণৰ প্ৰথম পদক্ষেপ ৰূপে আমি ছাত্ৰ-ছাত্ৰীৰ সৈতে আমাৰ পখিলা সংৰক্ষণ আৰু নথীকৰণ সম্পৰ্কীয় জ্ঞান ভাগ-বতৰা কৰিছিলো। ছিক্কিমৰ বিভিন্ন ঠাই ফুৰা-চকা কৰাৰ পিছত কোনটো প্ৰজাতি ক’ত বিচাৰি পোৱা যাব এই বিষয়ে আমাৰ এটা থূলমুল ধাৰণা হ’ল।”১

এইদৰে ২০১৭ চনত তেওঁলোকে চতুৰ্থটি পখিলা মীট সফলতাৰে সম্পন্ন কৰে। ভুটিয়াৰ মতে, এনে অনুষ্ঠানৰ যোগেদি তেওঁলোকে দুশতকৈও অধিক যুৱকক প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু ইয়াৰে প্ৰায় নব্বৈ জনেই এতিয়া টুৰিষ্ট গাইড ৰূপে কাম কৰি আছে।২ ইয়াৰে দুই-এজনে সমান্তৰালকৈ তেওঁলোকৰ গৱেষণাৰ কামও কৰি আছে।
ভাৰতত উপলব্ধ প্ৰায় ১৫০০ বিধ বিভিন্ন প্ৰজাতিৰ পখিলাৰ ভিতৰত প্ৰায় ৭২০টা প্ৰজাতি ছিক্কিমত পোৱা যায়।৩
স্বীকৃতি
পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভুটিয়াক ভাৰতৰ প্ৰতিনিধি স্বৰূপে ২০২৫ চনত অনুষ্ঠিত ‘ভূটান পখিলা সন্মিলন’ত ভাগ লবলৈ আমন্ত্ৰণ জনাইছিল। এই সন্মিলনৰ সময়ছোৱাত তাত প্ৰায় ২০০ বিধ ভিন্ন প্ৰজাতিৰ পখিলা নথিভুক্ত কৰা হৈছিল।১
পখিলাৰ আলোকচিত্ৰ গ্ৰহণত দেখুৱা অসামান্য প্ৰতিভাৰ বাবে তেওঁক বাটাৰফ্লাই ম্যেন অৱ ছিক্কিম সন্মান প্ৰদান কৰা হয়।
১৫ বছৰ বয়সৰপৰাই পখিলা খেদি খেদি পখিলা হাতলৈ তুলিব পৰা পাৰদৰ্শিতাৰ বাবে তেওঁ ''লিমকা বুক অৱ ৰেকৰ্ডতো স্থান পাইছে।৩
তথ্যসূত্ৰ
- ↑ (১৬ অক্টোবৰ, ২০২৫). Sikkim’s Nawang Gyatso Bhutia represents India at 1st Bhutan Butterfly Meet. ইণ্ডিয়া টুডে এনই
- ↑ (3 August, 2025). Wings of hope. www.newindianexpress.com
- ↑ (17 April 2025). Press release from (BAMOS-NCS) A registered organisation of Butterfly enthusiasts of Sikkim, Government of Sikkim. An offiicial website of the Government of Sikkim
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱাংগ ভুটিয়া” প্ৰবন্ধৰ সংশোধন ৬১৪৩১৫ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।