নীলা কাদ্ৰী বালোছ (Naela Quadri Baloch (জন্ম: ১৮ জুলাই, ১৯৬৫ চনত কুৱেটা, বেলুচিস্তান, পাকিস্তান) এগৰাকী বেলুচ ৰাজনীতিবিদ, নাৰী অধিকাৰৰ কৰ্মী, লেখিকা, কবি আৰু বেলুচ কাউম পৰস্তাৰ অধিকাৰৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় বক্তৃতা প্ৰদান কৰা মহিলা।
নীলা বালোছ কাউম পৰষ্টছ ৰাইটছৰ এজন সুপৰিচিত অধিবক্তা আৰু কৰ্মী চৈয়দ আহমেদ কোৱাদ্ৰীৰ কন্যা। তেওঁৰ মাতৃ বিবি গুল জাৰিনা আছিল এগৰাকী নাৰীবাদী, আৰু বেলুচিস্তানৰ প্ৰথমটো খিলঞ্জীয়া এন জি অ’ৰ প্ৰতিষ্ঠাপক। তেওঁ কানাডাৰ নাগৰিক।
নায়েলা বিবাহিত আৰু তিনি পুত্ৰ সন্তানৰ মাতৃ। এজন মাজদাক দিলছাদ বালোচ কানাডাত নিৰ্বাসিত হৈ থাকে,১ যদিও পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় ভিছা লাভ কৰিছে।
আগ্ৰাত প্ৰথমখন আলোচনা চক্ৰৰ আয়োজন কৰা ভাৰতৰ হিন্দ-বালোচ মঞ্চৰ তেওঁ প্ৰতিষ্ঠাপক সদস্য। পাকিস্তানে দাখিল কৰা শক্তিশালী প্ৰমাণৰ পিছত ভাৰতে তেওঁৰ ভিছা নাকচ কৰে।২ শেহতীয়াকৈ তেওঁ ভাৰতৰ কেৰালাত ছাত্ৰ কৰ্মী ৰিনশাদ ৰীৰাক মুকলি কৰি দিয়াৰ দাবীত মানৱ অধিকাৰৰ যৌথ বিবৃতিত স্বাক্ষৰ কৰে।৩
তথ্যসূত্ৰ
- ↑ Kashmir India's integral part, world should follow Narendra Modi on Balochistan: Mazdak Dilshad Baloch – The Economic Times
- ↑ Bhattacherjee, Kallol. (October 3, 2016). No visa for Baloch leader Naela Quadri. The Hindu
- ↑ Joint Statement for the release of Students. Keyboard journal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলা কাদ্ৰী বালোছ” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৩২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।