অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পি এচ নটৰাজ পিল্লাই

পি এছ নটৰাজ পিল্লাই ( P. S. Nataraja Pillai; মাৰ্চ, ১৮৯১ – ১৯৬৬)

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পি এছ নটৰাজ পিল্লাই ( P. S. Nataraja Pillai; মাৰ্চ, ১৮৯১ – ১৯৬৬)১ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী আৰু সাংসদ আছিল। তেওঁ ১৯৬২ চনত অনুষ্ঠিত তৃতীয় লোকসভা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছিল। পিল্লায়ে ১৯৪৮ চনত দিল্লীত ট্ৰাভাঙ্কোৰ চৰকাৰৰ উপদেষ্টা আৰু ১৯৫৪ চনৰ পৰা ১৯৫৫ চনলৈ ট্ৰাভাঙ্কোৰ-কোচিন ৰাজ্যৰ বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২৩৪৫

জন্ম আৰু কৰ্মজীৱন

১৮৯১ চনৰ মাৰ্চ মাহত কেৰালাৰ এলাপ্পুঝা জিলাত পি এচ নটৰাজৰ জন্ম হৈছিল। তেওঁ ১৯৬২ চনত স্বাধীনভাৱে সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল; পিছত তেওঁ কংগ্ৰেছ, ভাৰতীয় সমাজবাদী দল আৰু প্ৰজা চ’ছিয়েলিষ্ট পাৰ্টিৰ সৈতে ৰাজনৈতিক সম্পৰ্ক স্থাপন কৰে।৪২

ভাৰতৰ স্বাধীনতাৰ আগতে, ১৯৪৬ চনত তেওঁ ট্ৰাভাঙ্কোৰ সংবিধান সংস্কাৰ সমিতিৰ সদস্য আছিল। কৰ্মজীৱনত তেওঁ ১৯৫২ চনৰ পৰা ১৯৫৩ চনলৈ ট্ৰাভাঙ্কোৰ মণিগাম কৰম সমিতি, ১৯৫৬ চনত নিবনুৱা সমিতি আৰু ১৯৫৮ চনৰ পৰা ১৯৫৯ চনলৈ সংস্কাৰ সমিতি (কেৰালা)ৰ সদস্য আছিল। চৰকাৰৰ নেতৃত্বাধীন সমিতিসমূহত সদস্য হৈ থকাৰ উপৰিও, ১৯৬০ চনত নটৰাজক এবছৰৰ বাবে ‘উচ্চ স্তৰৰ বিক্ৰী কৰ অনুসন্ধান সমিতি’ (High Level Sales Tax Enquiry Committee)ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল।২৪

১৯৪৮ চনত, স্বাধীনতাৰ এবছৰ পিছত, নটৰাজ ১৯৫০ চনলৈকে সংবিধান সভাৰ সদস্য ৰূপে নিৰ্বাচিত হৈছিল; পিছত, তেওঁ ১৯৫১ চনৰ পৰা ১৯৫৭ চনলৈ ট্ৰাভাঙ্কোৰ-কোচিনৰ বিধান সভাত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬২ চনত, নটৰাজে তিৰুৱন্তপুৰম সমষ্টিৰ পৰা সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি (যাক "ত্ৰিবান্দ্ৰম" বুলিও জনা যায়) সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।২৪

ব্যক্তিগত জীৱন

নটৰাজৰ পত্নীৰ নাম আছিল কোমলম। তেওঁ সাতগৰাকী কন্যা আৰু তিনিজন পুত্ৰ সন্তানৰ পিতৃ আছিল। তেওঁৰ দেউতাক মননমানিয়াম সুন্দৰম পিল্লাই কেৰালাৰ এখন মহাবিদ্যালয়ৰ অধ্যাপক আছিল।২

বিতৰ্ক

২০১৭ চনত, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে পি এচ নটৰাজ পিল্লাইৰ বিষয়ে আপত্তিজনক মন্তব্য কৰা বুলি দাবী কৰা হয়। মন্ত্ৰীজনে পিছত মন্তব্যটো স্বীকাৰ কৰি কৈছিল যে তেওঁ কেতিয়াও এজন নিৰ্দিষ্ট ব্যক্তিক হেয় কৰিব বিচৰা নাছিল; কেৱল কিছু পিল্লাই পৰিয়ালকহে হেয় কৰিব বিচাৰিছিল। বিজয়নে বিতৰ্কটোৰ বিষয়ে স্পষ্ট কৰি দি কৈছিল যে তেওঁ আনকি নটৰাজৰ নামও মনত ৰখা নাই। কিন্তু বিৰোধী দল ইণ্ডিয়ান নেচনেল কংগ্ৰেছে তেওঁৰ মন্তব্যৰ বাবে কেৰালাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছিল যাৰ বাবে তেওঁ এক ব্যাপক বিতৰ্কৰ আওতাত সোমাই পৰিছিল।৬৭৮

তথ্যসূত্ৰ

  1. ↑ Staff Reporter. (February 4, 2017). Demand to take over land
  2. ↑ Members Bioprofile. loksabhaph.nic.in
  3. ↑ Left vs Left in principal row. www.telegraphindia.com
  4. ↑ Google Scholar. scholar.google.com
  5. ↑ Manonmaniam remembered. News18
  6. ↑ Under fire, Pinarayi makes amends for his 'Pillai' remarks. OnManorama
  7. ↑ CPI slams CM Pinarayi Vijayan over his 'some Pillai' remark on PS Nataraja Pillai. The New Indian Express
  8. ↑ (January 30, 2017). Kerala Law Academy agitation: Disputed land steeped in history. Deccan Chronicle

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদভাৰতীয় ৰাজনীতিবিদকেৰালাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পি এচ নটৰাজ পিল্লাই” প্ৰবন্ধৰ সংশোধন ৩৮৬০২৪ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।