নীলোৎপল বৰা এজন ভাৰতীয় কণ্ঠশিল্পী,সুৰকাৰ,গীতিকাৰ,সংগীত ব্যৱস্থাপক আৰু সংগীত পৰিচালক। ২০১৭ চনত মুক্তিপ্ৰাপ্ত মাজুলী শীৰ্ষক গীতটোৰ জৰিয়তে তেওঁ শ্ৰোতা-দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
জন্ম আৰু শিক্ষা
যোৰহাটৰ এক সাংগীতিক পৰিয়ালত বৰাৰ জন্ম হয়। বৰাই যোৰহাটৰ জোনাকী সংঘ বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পাছত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা আৰু গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ডিপ্লমা গ্ৰহণ কৰে।
সাংগীতিক জীৱন
সাংগীতিক কেৰিয়াৰৰ আৰম্ভণিৰ সময়ত নীলোৎপল বৰাই কেইবাখনো অসমীয়া ধাৰাবাহিকত আৱহসংগীতৰ কাম কৰাৰ লগতে সংগীত ব্যৱস্থাপক হিচাপে কাম কৰিছিল। ২০১৩ চনত তেওঁৰ প্ৰথম এলবাম ছেভেন আনপ্লাগ্ড মুক্তি পায়।১ ইয়াৰপাছতেই বৰা মুম্বাইলৈ যায় আৰু সংগীত ব্যৱস্থাপক হিচাপে কিছুদিন কাম কৰে। ২০১৭ চনত তেওঁ দ্বিতীয়খন এলবাম পঞ্চম মুক্তি পায়।
সংগীতপঞ্জী
সংগীতৰ এলবামসমূহ
সংগীত পৰিচালনা আৰু কণ্ঠদান
- ছেভেন আনপ্লাগ্ড
- পঞ্চম
চলচ্চিত্ৰ সংগীত
| চন | চলচ্চিত্ৰ | গীত | পৰিচালক | সংগীত পৰিচালক |
|---|---|---|---|---|
| ২০১৭ | দূৰ | বিচৰা সময় | কংকন ৰাজখোৱা | নীলোৎপল বৰা |
| ২০১৭ | শৈশৱতে ধেমালিতে | এমুঠি | বিদ্যুৎ কটকী | অনুৰাগ শইকীয়া |
ৱেব ছিৰিজ
- য়ে মেৰি ফেমিলী
- ট্ৰিপলিং ছিজন-২
তথ্যসূত্ৰ
- ↑ Dutta,Reema. “মাজুলী” টু “মুম্বাই”ঃ নীলোৎপল বৰাৰ শুভ জন্মদিন-. rupaliparda
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলোৎপল বৰা” প্ৰবন্ধৰ সংশোধন ৪৪৯৫৩৩ (২৯ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।