নীলিমা এম. গুপ্তে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী১। তেওঁ ১৯৭৬ চনত বম্বে বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী, ১৯৭৮ চনত বোম্বে আই. আই. টিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী, আৰু ১৯৮৩ চনত ষ্টনী ব্ৰুক ছুনিৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ হাইদৰাবাদ বিশ্ববিদ্যালয়ত যোগদান কৰে আৰু তাৰ পিছত ১৯৮৫ চনৰ পৰা ১৯৯৩ চনলৈ পুনা বিশ্ববিদ্যালয়ত শিক্ষকতা কৰে। বৰ্তমান তেওঁ মাদ্ৰাজ আই. আই. টিৰ পদাৰ্থবিজ্ঞানৰ অধ্যাপক। তেওঁৰ গৱেষণাৰ বিষয় মূলত অৰৈখিক গতিবিজ্ঞান আৰু Chaos ৰ বিষয়ত বৃস্তৃত।
তেওঁ আৰু তেওঁৰ সহযোগীসকলে লাভ কৰা সফলতাসমূহৰ ভিতৰত আছে মাল্টিফ্ৰেক্টেলৰ তাপগতিবিদ্যাৰ পৰ্য্যায় পৰিৱৰ্তনৰ সাদৃশ্য, আৱেগিক সংমিশ্ৰণৰ পদ্ধতি আৰু লোড-বিয়াৰিং আৰু যোগাযোগ সূত্ৰ দক্ষতা বৃদ্ধি। তেওঁৰ বৰ্তমানৰ গৱেষণাৰ ভিতৰত আছে সম্প্ৰসাৰিত প্ৰণালীত স্পেটিয় 'টেমপোৰেল ইণ্টাৰমিটেন্সিৰ বিশ্লেষণ, বিশৃংখল এডভেক্সন আৰু নেটৱৰ্কৰ অধ্যয়ন। তেওঁৰ শৈক্ষিক আগ্ৰহৰ উপৰিও, তেওঁ ইণ্টাৰনেশ্যনেল ইউনিয়ন অৱ পিউৰ এণ্ড এপ্লাইড ফিজিক্সৰ 'ৱমেন ইন ফিজিক্স' গোটৰ কাৰ্যকলাপতো অংশগ্ৰহণ কৰিছে। ভাৰতৰ মহিলা বিজ্ঞানীসকলৰ ওপৰত জীৱনীমূলক আৰু আত্মজীৱনীমূলক প্ৰবন্ধৰ সংকলন লীলাৱতীৰ কন্যাৰ ভিতৰত তেওঁক অন্তৰ্ভুক্ত কৰা হৈছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলিমা গুপ্তে” প্ৰবন্ধৰ সংশোধন ৪৮৫১৩৮ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।