নিৱেদিতা সম্ভাজীৰাও মানে (Nivedita Sambhajirao Mane, জন্ম ১১ এপ্ৰিল ১৯৬৩) ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি আৰু শিৱসেনাৰ সৈতে জড়িত এগৰাকী ৰাজনীতিবিদ। তেওঁ ১৪ নং লোকসভাৰ সদস্য আছিল। ১৯৯৯ আৰু ২০০৪ চনত তেওঁ ৰাষ্ট্ৰীবাদী কংগ্ৰেছ পাৰ্টিৰ সদস্য হিচাপে দুটা কাৰ্যকালৰ বাবে হাটকানাংগেলে সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। ২০০৯ চনৰ নিৰ্বাচনত হাটকানাংগলত তেওঁ ৰাজু শ্বেট্টীৰ হাতত পৰাস্ত হৈছিল।
২০১৭ চনৰ ১০ জানুৱাৰীত বিমুদ্ৰাকৰণৰ প্ৰভাৱৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিছিল৷ সেইসময়ত এন চি পিৰ সাংসদ ধনঞ্জয় মহাদিক, এন চি পিৰ বিধায়ক হাছান মুছৰিফ, কলহাপুৰৰ মেয়ৰ হাছিনা ফাৰাছ, আৰু আন ৪০০ লোকক পুনে-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত বন্ধ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়।১
তেওঁৰ পুত্ৰ ধৈৰ্যশীল সম্ভা মানে ২০১৯ চনত হাটকানাংগলৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।
পদাধিকাৰসমূস
১. ১৯৯৯: ইচালকাৰঞ্জীৰ পৰা ত্ৰয়োদশ লোকসভালৈ (১ম কাৰ্যকাল) নিৰ্বাচিত হয়। ২. ২০০৪: চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত (দ্বিতীয় কাৰ্যকাল)২ ৩. ২০১৫: কলহাপুৰ জিলা কেন্দ্ৰীয় সমবায় বেংকৰ সঞ্চালক হিচাপে নিৰ্বাচিতk ৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৱেদিতা সম্ভাজীৰাও মানে” প্ৰবন্ধৰ সংশোধন ৫৭৯১৭২ (১৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।