নেহাল চুদাছামা (Nehal Chudasama; জন্ম ২২ আগষ্ট ১৯৯৬) এগৰাকী ভাৰতীয় মডেল, ফিটনেছ কনচালটেণ্ট আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ এগৰাকী ই.এম.চি. হিচাপেও কাম কৰে।১ তেওঁ ২০১৮ চনৰ মিছ ডিভা ইউনিভাৰ্ছৰ মুকুট পিন্ধা নেহালে ২০১৮ চনৰ মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।২
পেজেণ্ট্ৰী
২০১৮ চনত তেওঁ ফেমিনা মিছ গুজৰাট খিতাপৰ বাবে অডিচন দিছিল, য’ত তেওঁ শীৰ্ষ ৩ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত অন্যতম আছিল।৩ পিছলৈ সেই বছৰতে মিছ ডিভা - ২০১৮ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিছ ডিভা ইউনিভাৰ্ছ ২০১৮ খিতাপ অৰ্জন কৰে। বিদায়ী উপাধিধাৰী শ্ৰদ্ধা শশীধৰে তেওঁক মুকুট পিন্ধাইছিল।৪ ইয়াৰ উপৰিও ‘মিছ বডি বিউটিফুল’ আৰু ‘মিছ মাল্টিমিডিয়া’ উপশিৰোনামা লাভ কৰে। নেহালে থাইলেণ্ডৰ বেংককত ১৭ ডিচেম্বৰ ২০১৮-ত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৮ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল যদিও শীৰ্ষ ২০-ত স্থান লাভ কৰা নাছিল।
তথ্যসূত্ৰ
- ↑ (6 September 2018). Nehal Chudasama's weight loss journey is mind-blowing.
- ↑ (1 September 2018). Mumbai's Nehal Chudasama is Yamaha Fascino Miss Diva Universe 2018. Times of India
- ↑ (13 May 2018). Femina Miss India 2018: Gujarat Auditions. Indiatimes
- ↑ (1 September 2018). Miss Universe 2018: Nehal Chudasama to represent India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেহাল চুদাসামা” প্ৰবন্ধৰ সংশোধন ৬০৩৪৩৪ (২৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।