পপী হাজৰিকা (ইংৰাজী: Popy Hazarika; জন্ম: ৮ ডিচেম্বৰ ১৯৯৮) এগৰাকী ভাৰতীয় ভাৰোত্তোলনকাৰী।১ ২০২১ চনত তাছকেন্দত অনুষ্ঠিত হোৱা কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰে।২ ২০২২ চনৰ জুলাই মাহত তেওঁ ২০২২ চনৰ কমনৱেলথ গেমছত মহিলাৰ ৫৯ কেজি ভাৰোত্তোলন প্ৰতিযোগিতাত সপ্তম স্থান লাভ কৰে।৩ তেওঁ ভাৰতীয় ৰেলৱেত কাম কৰে।৪
২০২৩ চনত নয়ডাত অনুষ্ঠিত হোৱা ২০২৩ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত মহিলাৰ ৫৯ কেজি শাখাত তেওঁ সোণৰ পদক লাভ কৰে।৫
তথ্যসূত্ৰ
- ↑ Weightlifter profile. IWF
- ↑ (14 December 2021). Popy wins silver medal in Commonwealth Weightlifting Championship. The Sentinel
- ↑ Weightlifter Popy Hazarika finishes seventh. The Times of India
- ↑ (2022-07-21). Working as farm hand and cook, single mother of four daughters raises champion weightlifter. The Indian Express
- ↑ (16 July 2023). Commonwealth Weightlifting Championships 2023: India finish with 20 medals - full list of winners. olympics.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পপী হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৫০০৭৫০ (৩১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।