নেহা কাপুৰ (Neha Kapur; জন্ম: ৩১ মাৰ্চ ১৯৮৩) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ২০০৬ বিজয়ী আৰু মিছ ইউনিভাৰ্ছ ২০০৬ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। বিগ বেং থিয়ৰীৰ তাৰকা কুনাল নায়াৰৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়।
প্ৰাৰম্ভিক জীৱন
কাপুৰৰ জন্ম হৈছিল ১৯৮৩ চনৰ ৩১ মাৰ্চত ভাৰতৰ নতুন দিল্লীৰ এটা পাঞ্জাৱী হিন্দু পৰিয়ালত। তেওঁ অতি কম বয়সতে শাস্ত্ৰীয় নৃত্য শিকিছিল।১ তেওঁ ভাৰতনাট্যম চাৰি বছৰ আৰু কত্থকৰ আঠ বছৰৰ প্ৰশিক্ষণ লৈছিল।১ কাপুৰে পাৰ্ল একাডেমী পৰা ফেশ্বন ডিজাইনত ডিগ্ৰী লাভ কৰিছে। তেখেতৰ ভগ্নী নিনা কাপুৰ এগৰাকী সংবাদ প্ৰচাৰক আছিল।
কেৰিয়াৰ
২০০৬ চনৰ ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছৰ মুকুট লাভ কৰাৰ উপৰিও কাপুৰে এই প্ৰতিযোগিতাত ফেমিনা মিছ ফ্ৰেছ ফেচ আৰু ফেমিনা মিছ ফটোজেনিক বঁটাও লাভ কৰে।২
কাপুৰে ২৩ জুলাইত লছ এঞ্জেলছত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০০৬ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।৩ তেওঁ ছেমিফাইনেলত শীৰ্ষ ২০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।
তথ্যসূত্ৰ
- ↑ (24 July 2006). Neha Kapur's pretty past. CNN-IBN
- ↑ Femina Miss India's Official Website, Retrieved 12 May 2006
- ↑ Official Website of Miss Universe. Retrieved 12 May 2006
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেহা কাপুৰ” প্ৰবন্ধৰ সংশোধন ৪৭৭৭১০ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।