পবিত্ৰ ৰাভা (PABITRA RABHA) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক। তেওঁ ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।
শিক্ষা
ৰাভাই ২০১৬ চনত আগিয়া মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা সমাপ্ত কৰিছে।
ৰাজনৈতিক জীৱন
ছাত্ৰ জীৱনৰ পৰাই ৰাভাৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল। ৰাভাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জড়িয়তে বিভিন্ন দায়িত্ৱত কাৰ্যনিৰ্বাহ কৰিছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পবিত্ৰ ৰাভা (ৰাজনীতিক)” প্ৰবন্ধৰ সংশোধন ৬০৬৭০১ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।