জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
এমিলি এণ্ডাৰছন
অটিন কেৰ’লিন এমিলি এণ্ডাৰছন (১৮৯৫–১৯৭০) এগৰাকী ডেনিছ ইতিহাসবিদ আৰু আৰ্কাইভিষ্ট আছিল। তেওঁ এগৰাকী গভীৰ গৱেষক, তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ গ্ৰামছ হিষ্ট’ৰী (১৯২৬) আছিল জুটলেণ্ডৰ দক্ষিণে থকা গ্ৰামত থকা গ্ৰাম এষ্টেট ৰ বিশদ ইতিহাস যিটো তেওঁ ইয়াৰ মালিক এডলফ ব্ৰকেনহুছ শ্বেকৰ বাবে গ্ৰহণ কৰিছিল।
-
এলজে জানোভনা পেইমুৰু
এলজে জানোভনা পেইমুৰু ( Elze Janovna Paemurru), জন্ম: ৩০ মাৰ্চ ১৯১৭ চন আৰু মত্যু: ১৪ জুন ১৯৯৫ চন, যি এলছ আৰ্নে নামেৰেও পৰিচিত; ছোভিয়েট ইউনিয়নৰ সময়ত এগৰাকী ইষ্ট'নিয়ান সুৰকাৰ, পিয়ানোবাদক আৰু শিক্ষাবিদ আছিল।
-
এলান কে. এল. চান
এলান কাম-লেউং চান (Alan K. L. Chan) এজন চীনা দাৰ্শনিক আৰু ছিংগাপুৰ মেনেজমেণ্ট ইউনিভাৰ্চিটিৰ ছাত্ৰাৱাসৰ অধীক্ষক। ইয়াৰ পূৰ্বে তেওঁ ছাত্ৰাৱাসৰ অধীক্ষক আৰু চীনা বিশ্ববিদ্যালয়ৰ চীনা সংস্কৃতিৰ অধ্যাপক জে.এছ.
-
এলিছ এক্কা
এলিছ এক্কা (হিন্দী: एलिस एक्का, ইংৰাজী: Alice Ekka; ৮ ছেপ্টেম্বৰ ১৯১৭ – ৫ জুলাই ১৯৭৮) এগৰাকী ভাৰতীয় আদিবাসী লেখিকা আছিল। তেওঁ জনজাতীয় পটভূমিৰ প্ৰথম মহিলা গল্পকাৰ হিচাপে পৰিচিত।
-
এলিছ এলিজাবেথ ড’হাৰ্টি
এলিছ এলিজাবেথ ড’হাৰ্টি জন্ম: ১৪ মাৰ্চ, ১৮৮৭ চন – মৃত্যু: ১৩ জুন, ১৯৩৩ চন; হাইপাৰট্ৰাইকোচিছ লেনুজিনোছা ৰোগ লৈ জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান মহিলা আছিল, যাৰ পৰিচয় হৈছিল ঘাইকৈ দাড়ি থকা নাৰী।
-
এলিছ লেভেস্ক
এলিছ মেৰী লেভেস্ক (জন্ম: ১০ ছেপ্টেম্বৰ, ১৯৮৫) এগৰাকী কানাডিয়ান অভিনেত্ৰী। তেওঁ ছিফি অৰিজিনেল ছিৰিজ ষ্টাৰগেট ইউনিভাৰ্ছত ক্লয় আৰ্মষ্ট্ৰং আৰু দ্য চিডব্লিউ ধাৰাবাহিক দ্য অৰিজিনেলছত জেনেভিভৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বেছিকৈ পৰিচিত।
-
এলিছা ব্লচ
এলিছা ব্লচ ( Elisa Bloch) এগৰাকী চিলেচিয়ান-ফৰাচী ভাস্কৰ্য্যশিল্পী আছিল। তেওঁৰ জন্ম আনুমানিক ১৮৪৮ চন আৰু মৃত্যু আনুমানিক ১৯০৪ বা ১৯০৫ চন। তেওঁ পাব্লিক ইনষ্ট্ৰাকচন বিষয়া, অৰ্ডাৰ অৱ দ্য লিবাৰেটৰৰ কমাণ্ডাৰ আৰু চেভালিয়াৰ অৰ্ডাৰ অৱ দ্য ড্ৰেগন অৱ আন্নাম আছিল।
-
এলিজা মাইৰি
এলিজা মাইৰি (Eliza Myrie, জন্ম: ১৯৮১) এগৰাকী দৃশ্যমান শিল্পী। তেওঁ বৰ্তমান চিকাগো চহৰত বাস কৰে। তেওঁ বিভিন্ন দৃশ্যমান কলা যেনে ভাস্কৰ্য, অংশগ্ৰহণকাৰী স্থাপনা কলা, ৰাজহুৱা কলা আৰু ছপা কলা আদিৰ লগত জড়িত।
-
এলিজাবেথ বাফম চেচ
এলিজাবেথ বাফম চেচ (Elizabeth Buffum Chace) (১৮০৬ চনৰ ৯ ডিচেম্বৰ – ১৮৯৯ চনৰ ১২ ডিচেম্বৰ) ১৯ শতিকাৰ মাজভাগৰ পৰা শেষলৈকে দাসত্ব বিৰোধী, নাৰীৰ অধিকাৰ আৰু কাৰাগাৰ সংস্কাৰ বিৰোধী আন্দোলনৰ এগৰাকী আমেৰিকান কৰ্মী আছিল। ২০০২ চনত তেওঁ ৰোড আইলেণ্ড হেৰিটেজ হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।
-
এলিজাবেথ হোমছ (লেখিকা)
এলিজাবেথ হোমছ (জন্ম ১৯৮০), কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত অৱস্থিত এগৰাকী আমেৰিকান লেখিকা আৰু সাংবাদিক। ব্ৰিটিছ ৰয়েল ষ্টাইল আৰু ফেশ্বন বাৰ্তাৰ কভাৰেজৰ বাবে তেওঁ পৰিচিত, তেওঁৰ বেষ্টচেলাৰ প্ৰথম কিতাপ এইচ আৰ এইচ: ছ' মেনি থ'টছ অন ৰয়েল ষ্টাইল ২০২০ চনৰ নৱেম্বৰ মাহত প্ৰকাশ পায়, তেওঁৰ লেখা দ্য নিউয়ৰ্ক টাইমছ,…
-
এলেন ক'ৰনাৰ' পিচ্ক'পিয়া
এলেন ক'ৰনাৰ' পিচ্ক'পিয়া, যি হেলেন ক'ৰনাৰ' হিচাপেও জনাজাত আছিল ভেনেটিয়ান দাৰ্শনিক। তেওঁ বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক ডিগ্ৰী পোৱা প্ৰথম মহিলাসকলৰ এগৰাকী আছিলে। ১৬৭৮ চনত তেওঁ বিশ্বৰ ভিতৰতে ডক্টৰেট ডিগ্ৰী পোৱা প্ৰথম মহিলা হয়।
-
এষা দে
এষা ৱাডনেকাৰ (Esha Wadnerkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মূলতঃ মাৰাঠী থিয়েটাৰ, চলচ্চিত্ৰ, ৱেব ধাৰাবাহিক, আৰু টিভি ধাৰাবাহিকত কাম কৰে। পেছাগতভাৱে তেওঁ এষা দে নামেৰে পৰিচিত। তেওঁ মাৰাঠী টেলিভিছন শ্ব’ মহাৰাষ্ট্ৰচী হাস্যযত্ৰৰ বাবে তেওঁ পৰিচিত।
-
এহচাছ চান্না
এহচাছ চান্না( Ahsas Channa; জন্ম:- ৫ আগষ্ট ১৯৯৯) হিন্দী চলচ্চিত্ৰ আৰু টিভি জগতত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। শিশু অভিনেত্ৰী হিচাপে তেওঁ বাস্তু শাস্ত্ৰ, কভি আলবিদা না কেহনা, মাই ফ্ৰেণ্ড গণেশ, ফুংক আদিত কাম কৰিছিল আৰু কিশোৰী অৱস্থাত তেওঁ, বিখ্যাত টিভি ধাৰাবাহিক ক্ৰাইম পেট্ৰল সতৰ্কত কাম কৰিছে।
-
ঐন্দ্ৰিলা মাইতি সুৰাই
অইণ্ড্ৰিলা মাইটি ছুৰাই (Oindrilla Maity Surai; জন্ম ১৯৭৮) এজন ভাৰতীয় স্বতন্ত্ৰ কিউৰেটৰ, কলা সমালোচক, আৰু কলকাতাস্থিত শিক্ষয়িত্ৰী। বাণিজ্যিক গেলেৰীৰ দৃষ্টান্তৰ বাহিৰেও তেওঁ প্ৰদৰ্শনীৰ আয়োজন কৰিছে।
-
ঐশ্বৰ্য সখুজা
ঐশ্বৰ্য সখুজা-নাগ এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ ২০০৬ চনত মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগী আছিল। ২০১০ চনৰ পৰা ২০১২ চনলৈকে চনী টিভিৰ শ্ব' ছাছ বীনা সসুৰালত ট'ষ্টীৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
কংসাৰি ঠাকুৰ
কংসাৰি ঠাকুৰ (১৬-১৭ শতিকা) মাধৱদেৱৰ শিষ্য আছিল আৰু দক্ষিণ কামৰূপৰ বিখ্যাত 'চমৰীয়া সত্ৰ'ৰ প্ৰতিষ্ঠা কৰিছিল। এখেত বৰ বিষ্ণু আতা আৰু দক্ষিণ কুলীয়া বিষ্ণু নামেও জনাজাত। কংসাৰি ঠাকুৰৰ জন্ম বৰ কৰৈবাৰীত। নাও বুৰি সকলো সা-সম্পত্তি হেৰোৱাত এগৰাকী ধনী সাউদৰ ঘৰত থাকিবলৈ লয় আৰু সাউদৰ জীয়েকৰ পাণি গ্ৰহন কৰে।
-
কণ্ঠভূষণ দ্বিজ
কণ্ঠভূষণ দ্বিজ (১৬-১৭ শতিকা) কোচৰজা নৰনাৰায়ণ আৰু ৰঘূৰায়ৰ পাৰিবাৰিক পুৰোহিত আছিল। হাজোৰ মাজগুৰি গাঁৱত এখেতৰ জন্ম হৈছিল। শ্ৰীমন্ত শংকৰদেৱ সৈতে বাদ-ত জিকিব নোৱাৰি তেওঁ বাৰানসীলৈ যায় ব্ৰহ্মানন্দ পণ্ডিতৰ ওচৰত জ্ঞান অৰ্জন কৰিবলৈ।
-
কন চুতিয়ানী
কন চুতিয়ানী বিয়াল্লিছৰ আন্দোলনৰ এগৰাকী সংগ্ৰামী মহিলা৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ বিভিন্ন ঠাইৰ পৰা সমদল কৰি অহা জনতাৰ মাজত তেঁৱো আছিল৷ সেই সমদল প্ৰতিহত কৰিবলৈ পুলিচে লাঠিচালনা কৰিছিল আৰু লাঠীচালনাত কন চুতীয়ানী আন বহুতৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল৷ সেই আঘাততে…
-
কনক চন্দ্ৰ চহৰীয়া
কনক চন্দ্ৰ চহৰীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আৰু ভাষা সাহিত্যৰ এগৰাকী আলোচক।
-
কনিমোঝী
কনিমোঝী কৰুণানিধি (Kanimozhi Karunanidhi,জন্ম-৫ জানুৱাৰী ১৯৬৮) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিক, কবি আৰু সাংবাদিক। তেওঁ থুট্টুকুড়ী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি সদনলৈ নিৰ্বাচিত হৈছিল। তেওঁ এগৰাকী প্ৰাক্তন সাংসদ আছিল যি ৰাজ্য সভাত তামিলনাডুক প্ৰতিনিধিত্ব কৰিছিল।
-
কনিষ্ঠা ধনকড়
কনষ্ঠা ৰাজ সিং ধনকাৰ (: Kanishtha Raj Singh Dhankar; জন্ম ২১ ছেপ্টেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যি গৰাকীক পেন্টালুনছ মিছ ইণ্ডিয়া ২০১১ৰ মুকুট পিন্ধোৱা হয়, আনহাতে হাছলিন কৌৰক ফেমিনা মিছ ইণ্ডিয়া আৰ্থৰ মুকুট পিন্ধোৱা হয়।
-
কফিল উদ্দিন ছোনাৰ
কফিল উদ্দিন ছোনাৰ বাংলাদেশৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ ১৯৮৮ সনত বাংলাদেশৰ জাতীয় সংসদৰ সাংসদ হিচাবে নিৰ্বাচিত হৈছিল। ২০১৯ চনৰ ২৫ অক্টোবৰত ৭৫ বয়সত তেখেতৰ মৃত্যু হৈছিল।
-
কবিচন্দ্ৰ দ্বিজ
কৱিচন্দ্ৰ দ্বিজ (১৮ শতিকা) স্বৰ্গদেউ শিৱসিংহৰ সভাকবি আছিল। শিৱসিংহ, ৰানী অম্বিকাদেৱী আৰু পুত্ৰ উগ্ৰসিংহ-ৰ নিৰ্দেশত ১৭৩৫ চনত ধৰ্মপুৰাণৰ ভাঙনি কৰে। উষা-অনিৰুদ্ধৰ কাহিনীক উপজীৱ্য কৰি কামকুমাৰ হৰণ নামে এখন সংস্কৃত নাটক ৰচনা কৰিছিল। নাটখনৰ মাজে মাজে অসমীয়া গীত সন্নিবিষ্ট কৰিছিল।
-
কবিতা সিং
কবিতা সিং (Kavita Singh) জনতা দল (ইউনাইটেড)ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ছিৱান লোকসভাৰ আসনৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়।
-
কবিশেখৰ পাত্ৰ
কৱিশেখৰ পাত্ৰ (১৭ শতিকা) কোচ হাজোৰ কাননগো পদাধিকাৰী আছিল। পিতৃ কৱীন্দ্ৰ পাত্ৰৰ পাছত মোগল সম্ৰাট জাহাঙ্গীৰৰপৰা কোচ হাজোৰ কাননগো পদ পায়। বাদচাহে 'ৰজা' উপাধি দিছিল আৰু বহুতো মাটি-সম্পত্তিও দান কৰিছিল। কোচবিহাৰৰ ৰজা প্ৰাণনাৰায়ণৰ সভাপণ্ডিত আছিল। দৰঙৰ ৰজা ধীৰনাৰয়ণৰ দিনত প্ৰতাপশালী হৈ পৰে।
-
কবিশেখৰ ভট্টাচাৰ্য
কৱিশেখৰ ভট্টাচাৰ্য (১৮ শতিকা) এগৰাকী কবি। চাৰু সিংহ আৰু প্ৰেমদাসুন্দৰীৰ আজ্ঞাক্ৰমে 'হৰি বংশৰ পদ' অনুবাদ কৰে। এই অনুবাদত কবিয়ে নিজা কল্পনাও সংমিশ্ৰণ কৰিছে।
-
কবিৰত্ন দ্বিজ
কবিৰত্ন দ্বিজ (আনু. ১৬ শতিকা) গণিতৰ প্ৰসিদ্ধ সংস্কৃত পুথি 'লীলাৱতী'ৰ অসমীয়া অনুবাদক।
-
কবিৰাজ সূৰ্যবিপ্ৰ
কৱিৰাজ সূৰ্যবিপ্ৰ (আনু. ১৭ শতিকা) দৰং ৰাজ্যৰ চপৰা অঞ্চলৰ এগৰাকী কবি। ভিক্ষাবৃত্তিৰে জীৱন নিৰ্বাহ কৰা এই গৰাকী কবিয়ে 'শিয়ালী বৈষ্ণৱৰ চৰিত' নামে এখন পদপুথিৰ ৰচনা কৰিছিল।
-
কমতাৰ চক্ৰধ্বজ
চক্ৰধ্বজ (১৫ শতিকাৰ শেষৰ ফালে ৰাজত্ব কৰিছিল) অসম ৰ খেন্ বংশ কমতা ৰাজ্যৰ শাসক আছিল। তেওঁ খেন্ বংশৰ প্ৰতিষ্ঠাপক নীলাধ্বজ ৰ পুত্ৰ আছিল আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ নীলাম্বৰ ৰাজপাটত বহে।
-
কমলা চাৰিঙীয়া ফুকন
কমলা চাৰিঙীয়া ফুকন (১৯ শতিকা) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়চোৱাত মণিৰাম দেৱানৰ লগত সংযোগ ৰাখিছিল। এই উদ্দেশ্যৰে কন্দৰ্পেশ্বৰ সিংহৰ গোপন মেলতো অংশগ্ৰহন কৰিছিল। ব্ৰিটিছৰ হাতত ধৰা পৰি চৈধ্য বছৰৰ বাবে কলীয়া-পানীলৈ নিৰ্বাসিত হয়।