কংসাৰি ঠাকুৰ (১৬-১৭ শতিকা) মাধৱদেৱৰ শিষ্য আছিল আৰু দক্ষিণ কামৰূপৰ বিখ্যাত 'চমৰীয়া সত্ৰ'ৰ প্ৰতিষ্ঠা কৰিছিল। এখেত বৰ বিষ্ণু আতা আৰু দক্ষিণ কুলীয়া বিষ্ণু নামেও জনাজাত। কংসাৰি ঠাকুৰৰ জন্ম বৰ কৰৈবাৰীত। নাও বুৰি সকলো সা-সম্পত্তি হেৰোৱাত এগৰাকী ধনী সাউদৰ ঘৰত থাকিবলৈ লয় আৰু সাউদৰ জীয়েকৰ পাণি গ্ৰহন কৰে। খেতিৰ বাবে কঠিয়া বিচাৰি এৰাতি নাৰায়ণ দাস ঠাকুৰ আতাৰ ঘৰত থাকোঁতে শংকৰদেৱৰ ভক্তি ধৰ্মৰ কথা শুনি ভক্ত হ'বলৈ আগ্ৰহ প্ৰকাশ কৰে। পাছত মাধৱদেৱে তেখেতক শৰণ দি 'বিষ্ণু' নাম প্ৰদান কৰে। ঘৰলে উভতি গৈ মালচাত সত্ৰ স্থাপন কৰে। মাধৱদেৱেই ধৰ্মপ্ৰচাৰৰ বাবে তেখেতক দক্ষিণকুললৈ যাবলৈ পৰামৰ্শ দিয়ে। সেই বাবেই 'দক্ষিণকুলীয়া বিষ্ণু' নামেও জনাজাত হয়।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কংসাৰি ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ২২৫৬৬৭ (৫ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।