এষা ৱাডনেকাৰ (Esha Wadnerkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মূলতঃ মাৰাঠী থিয়েটাৰ, চলচ্চিত্ৰ, ৱেব ধাৰাবাহিক, আৰু টিভি ধাৰাবাহিকত কাম কৰে। পেছাগতভাৱে তেওঁ এষা দে নামেৰে পৰিচিত। তেওঁ মাৰাঠী টেলিভিছন শ্ব’ মহাৰাষ্ট্ৰচী হাস্যযত্ৰৰ বাবে তেওঁ পৰিচিত।
কৰ্মজীৱন
২০১১ চনত দেই নাট্যশিল্পী হিচাপে পেছাদাৰী কৰ্মজীৱন আৰম্ভ কৰে আৰু তাৰ পিছত ছবি, ৱেব-ধাৰাবাহিক, টেলিভিছনকে ধৰি বিভিন্ন মাধ্যমলৈ তেওঁৰ কৰ্ম বিস্তাৰিত হয়। ভাৰতী বিদ্যাপীঠ পুনেৰ পৰা কথক নৃত্যত এম.এ আৰু লণ্ডন স্কুল অৱ ড্ৰামেটিক আৰ্টৰ পৰা অভিনয়ত এম.এ. লণ্ডনত পাঠ্যক্ৰম শেষ কৰি ভাৰতলৈ উভতি অহাৰ পিছত ক’ভিড-১৯ লকডাউন আৰম্ভ হয়। এই সময়ছোৱাত অভিনেতা সমীৰ খাণ্ডেকাৰে তেওঁক ইউটিউব চেনেল ‘আছোৱা’ৰ বাবে এটা ভিডিঅ’ তৈয়াৰ কৰিবলৈ আমন্ত্ৰণ জনায় আৰু তেওঁ সন্মত হয়। ভিডিঅ'টোৱে ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰাৰ ফলত তেওঁক বিশাখা সুভেদাৰৰ সলনি মহাৰাষ্ট্ৰচী হাস্যযত্ৰৰ বাবে বাচনি কৰে।১২ "ভাদিপা"ৰ অধীনত তেওঁ বহুতো প্ৰকল্পত অংশগ্ৰহণ কৰিছে আৰু "ভাদিপা" কোম্পানীৰ দ্বাৰা তেওঁক প্ৰতিনিধিত্ব কৰা হয়।৩ ২০২৪ চনত এষাই ডালমিয়া চিমেণ্টৰ বিজ্ঞাপনৰ বাবে ৰণবীৰ সিঙৰ সৈতে পৰ্দা ভাগবতৰা কৰে।৪
তথ্যসূত্ৰ
- ↑ लंडनमधून अभिनय प्रशिक्षण ते महाराष्ट्राची हास्यजत्रा; अभिनेत्रीची अशी झालेली शोमध्ये एन्ट्री. Maharashtra Times
- ↑ (2023-05-25). विशाखा सुभेदारच्या जागी 'हास्यजत्रेत' आलेल्या 'या' अभिनेत्रीसाठी Samir Choughule ची खास पोस्ट. Zee 24 Taas
- ↑ (2022-05-27). 'महाराष्ट्राची हास्यजत्रा' शोमधील अभिनेत्री झळकणार 'आश्रम ३' वेब सीरिजमध्ये; पोस्टमुळे चर्चेला उधाण. Loksatta
- ↑ जाधव, अपूर्वा. (2024-03-23). महाराष्ट्राची हास्यजत्रा फेम अभिनेत्रीची जाहिरातीत लागली रणवीर सिंहसोबत वर्णी. ABP Majha
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এষা দে” প্ৰবন্ধৰ সংশোধন ৬২৫৪১৯ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।