কন চুতিয়ানী বিয়াল্লিছৰ আন্দোলনৰ এগৰাকী সংগ্ৰামী মহিলা৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ বিভিন্ন ঠাইৰ পৰা সমদল কৰি অহা জনতাৰ মাজত তেঁৱো আছিল৷ সেই সমদল প্ৰতিহত কৰিবলৈ পুলিচে লাঠিচালনা কৰিছিল আৰু লাঠীচালনাত কন চুতীয়ানী আন বহুতৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল৷ সেই আঘাততে শৰীৰ ভাগি পৰা কন চুতীয়ানীৰ কিছুদিন পিছতে মৃত্যু হয়৷১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কন চুতিয়ানী” প্ৰবন্ধৰ সংশোধন ৩৭৫৫৯৩ (২৫ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।