এলিছ এক্কা (হিন্দী: एलिस एक्का, ইংৰাজী: Alice Ekka; ৮ ছেপ্টেম্বৰ ১৯১৭ – ৫ জুলাই ১৯৭৮) এগৰাকী ভাৰতীয় আদিবাসী লেখিকা আছিল। তেওঁ জনজাতীয় পটভূমিৰ প্ৰথম মহিলা গল্পকাৰ হিচাপে পৰিচিত।১২৩
প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ
এক্কাৰ জন্ম হৈছিল ১৯১৭ চনৰ ৮ ছেপ্টেম্বৰত ৰাঁচীৰ এটা মুণ্ডা সম্প্ৰদায়ৰ পৰিয়ালত।১ তেৱেঁই ঝাৰখণ্ডৰ প্ৰথম জনজাতীয় মহিলা যিয়ে ১৯৩৮ চনত কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰিছিল।২
তেওঁ হিন্দী ভাষাত গল্প ৰচনা কৰিছিল আৰু সেইবিলাক ১৯৫০, ১৯৬০ আৰু ১৯৭০ চনত প্ৰকাশ কৰিছিল।১ তেওঁৰ গল্প সংকলন, এলিছ এক্কা কি কাহানিয়ান, বন্দনা টেটেৰ সম্পাদনাত ৰাধাকৃষ্ণ প্ৰকাশনৰ পৰা ২০১৫ চনত মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল।৩
১৯৬০ চনৰ তেওঁৰ গল্পসমূহ সাপ্তাহিক আলোচনী আদিবাসী পত্ৰিকাত প্ৰকাশ পাইছিল।৪
তেওঁক "ভাৰতৰ প্ৰথম মহিলা জনজাতীয় গল্পকাৰ" বুলি অভিহিত কৰা হৈছে, আৰু তেওঁৰ গৃহ চহৰ ৰাঁচীত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা "অল ইণ্ডিয়া ট্ৰাইবেল মহিলা লেখিকা মিট" সন্মিলনৰ জৰিয়তে তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়।২
তথ্যসূত্ৰ
- ↑ Our Pioneers: Alice Ekka. Pyara Kerketta Foundation
- ↑ (7 September 2017). All India Tribal Women Writer's Meet begins in Ranchi. Jharkhand State News
- ↑ (21 November 2018). Alice Ekka story collection unveiled. The Pioneer
- ↑ Poyam, Akash. Ten voices from Adivasi literature. The Caravan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিছ এক্কা” প্ৰবন্ধৰ সংশোধন ৫৭১১৩৭ (২৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।