অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কনিমোঝী

কনিমোঝী কৰুণানিধি (Kanimozhi Karunanidhi,জন্ম-৫ জানুৱাৰী ১৯৬৮) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিক, কবি আৰু সাংবাদিক। তেওঁ থুট্টুকুড়ী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি সদনলৈ নিৰ্বাচিত হৈছিল। তেওঁ এগৰাকী প্ৰাক্তন সাংসদ আছিল যি ৰাজ্য সভাত তামিলনাডুক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ১৩ আগষ্ট ২০২৫ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কনিমোঝী কৰুণানিধি (Kanimozhi Karunanidhi,জন্ম-৫ জানুৱাৰী ১৯৬৮) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিক, কবি আৰু সাংবাদিক। তেওঁ থুট্টুকুড়ী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি সদনলৈ নিৰ্বাচিত হৈছিল। তেওঁ এগৰাকী প্ৰাক্তন সাংসদ আছিল যি ৰাজ্য সভাত তামিলনাডুক প্ৰতিনিধিত্ব কৰিছিল।১ কনিমোঝী তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধি আৰু তেওঁৰ তৃতীয় পত্নী ৰাজাথী আম্মালৰ কন্যা।

কনিমোঝী ভাৰতীয় ৰাজনৈতিক দল দ্ৰাবিড়া মুনেত্ৰ কাঝাগম (ডি এম কে)ৰ প্ৰতিনিধি। তেওঁ দলৰ উপ-সাধাৰণ সম্পাদিকা হিচাপে কাম কৰে। তেওঁৰ আঢ়ৈ বছৰীয়া ভাতৃ এম. কে আলাগিৰি আৰু এম কে ষ্টেলিন যথাক্ৰমে প্ৰাক্তন ৰাসায়নিক আৰু সাৰ মন্ত্ৰী আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী।

ব্যক্তিগত জীৱন

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধি আৰু ৰাজাথী আম্মালৰ ঘৰত কনিমোঝীৰ জন্ম হৈছিল। চেন্নাইৰ চাৰ্চ পাৰ্কৰ প্ৰেজেণ্টেচন কনভেণ্টৰ তেওঁ ছাত্ৰী আছিল আৰু পিছলৈ তেওঁ চেন্নাইস্থিত ইথিৰাজ কলেজ ফৰ ৱমেনৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।২

ৰাজনীতিত প্ৰৱেশৰ পূৰ্বে কনিমোঝী সাংবাদিকতাৰ সৈতে জড়িত আছিল। তেওঁ দ্য হিন্দুৰ উপ-সম্পাদক, কুংগুমাম (তামিল সাপ্তাহিক আলোচনী)ৰ সম্পাদক, আৰু ছিংগাপুৰৰ তামিল মুৰাছু নামৰ তামিল কাকত এখনৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল।২

ব্যক্তিগত জীৱন

কনিমোঝিয়ে দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছে। প্ৰথমে ১৯৮৯ চনত শিৱকাশীৰ ব্যৱসায়ী আথিবান বসুৰ সৈতে (বসুৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত) আৰু তাৰ পিছত ১৯৯৭ চনত ছিংগাপুৰৰ তামিল লেখক জি অৰবিন্দনৰ সৈতে। তেওঁলোকৰ এজন পুত্ৰ হৈছে আদিত্য অৰবিন্দন।৩

তথ্যসূত্ৰ

  1. ↑ Detailed Profile: Smt. Kanimozhi. Govt. of India
  2. ↑ Kanimozhi: A poetess politician in trouble. Sify.com
  3. ↑ A Wedding In The Family .... Rediff News

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনিমোঝী” প্ৰবন্ধৰ সংশোধন ৫৩২১৯৫ (১৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।