এলিছ মেৰী লেভেস্ক১ (জন্ম: ১০ ছেপ্টেম্বৰ, ১৯৮৫২) এগৰাকী কানাডিয়ান অভিনেত্ৰী। তেওঁ ছিফি অৰিজিনেল ছিৰিজ ষ্টাৰগেট ইউনিভাৰ্ছত ক্লয় আৰ্মষ্ট্ৰং আৰু দ্য চিডব্লিউ ধাৰাবাহিক দ্য অৰিজিনেলছত জেনেভিভৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বেছিকৈ পৰিচিত।
প্ৰাৰম্ভিক জীৱন
লেভেস্কৰ জন্ম আৰু লালন-পালন ছাস্কাচুৱানৰ ৰেজিনাত হৈছিল। তেওঁ হ্যালী আৰু লুই লেভেস্কৰ একমাত্ৰ সন্তান।৩ তেওঁৰ পিতৃ ফ্ৰাঞ্চাস্কোৱা বংশোদ্ভব আছিল আৰু মাতৃ মূলতঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনয়ৰ আছিল।
কেৰিয়াৰ
এলিছ লেভেস্কই ১১ বছৰ বয়সৰপৰাই অভিনয় আৰম্ভ কৰিছিল।১৪ তেওঁ শিশুসকলৰ টেলিভিছন ধাৰাবাহিক দ্য ইনক্ৰেডিবল ষ্ট’ৰী ষ্টুডিঅ'ৰ বাবে কাম কৰা এদল যুৱ অভিনেতাৰ অংশ আছিল। ইয়াৰ উপৰি তেওঁ বাণিজ্যিক বিজ্ঞাপনত কাম কৰিছিল আৰু ভৱিষ্যতবাদী শিশু ধাৰাবাহিক ২০৩০ চিই-ত মেক্সিন ৰিচ নামৰ নেতিবাচক চৰিত্ৰটোত দুবছৰ ধৰি অভিনয় কৰিছিল।৫
হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত লেভেস্কই মডেল হিচাপে টাইৱান, জাপান, ইটালী, স্পেইন আৰু ফ্ৰান্সত দুবছৰ ধৰি কাম কৰিছিল।৪ তাৰ পিছত তেওঁ চাৰুকলা অধ্যয়ন কৰিবলৈ পুনৰ কানাডালৈ উভতি আহে। ২০০৬ চনত তেওঁ সম্পূৰ্ণৰূপে অভিনয়ত মনোনিৱেশ কৰিবলৈ ব্ৰিটিছ কলম্বিয়াৰ ভেনকুভাৰলৈ যায়। তেওঁ লগে লগে অভিনয়ৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে আৰু কেইবাটাও টেলিভিছন তথা চলচ্চিত্ৰ প্ৰকল্পত অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেওঁ মাষ্টাৰ্ছ অৱ হৰৰৰ এটা খণ্ডত এডগাৰ এলান পোৰ পত্নী ভাৰ্জিনিয়াৰ চৰিত্ৰৰপৰা আৰম্ভ কৰি ফ্লেছ গৰ্ডন ধাৰাবাহিকত ডাইনীৰ চৰিত্ৰলৈকে বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰি তেওঁ স্মলভিল আৰু মেন ইন ট্ৰিজত অতিথি শিল্পী হিচাপে অভিনয় কৰিছে।৫
লেভেস্কই ছিফিৰ ধাৰাবাহিক ষ্টাৰগেট ইউনিভাৰ্ছত এজন আমেৰিকান চিনেটৰৰ কন্যা ক্লয় আৰ্মষ্ট্ৰঙৰ চৰিত্ৰত অভিনয় কৰিছিল, যিটো চৰিত্ৰ তেওঁৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।১ ২০১৪ চনত তেওঁ দ্য ভেম্পায়াৰ ডায়েৰীজৰ স্পীন-অফ ধাৰাবাহিক দ্য অৰিজিনেলছৰ প্ৰথম ছিজনত জেনেভিভ নামৰ ডাইনীজনীৰ চৰিত্ৰত অভিনয় কৰিছিল।৬
তথ্যসূত্ৰ
- ↑ Ilana Rapp. (September 30, 2013). Actress/Rapper Elyse Levesque Talks About Sci-Fi Cons and New Short 'Fruitcake'. HuffPost
- ↑ Elyse Levesque's bio at www.northernstars.ca
- ↑ (October 20, 2016). Regina actress seeks truth as journalist in Toronto political thriller. CBC News
- ↑ Melissa Liznick. (March 8, 2011). Q&A: Elyse Levesque Looking To Start New Chapter After 'Stargate Universe'. Starpulse.com
- ↑ Troy L. Foreman. (November 3, 2013). Interview: Elyse Levesque Talks 'Cedar Cove', 'Stargate Universe' & More. Tvwise.co.uk
- ↑ Vlada Gelman. (December 4, 2013). Exclusive: The Originals Conjures Up Witchy Role For Stargate Actress Elyse Levesque. TVLine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিছ লেভেস্ক” প্ৰবন্ধৰ সংশোধন ৫৯৬৪৭৭ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।