এলজে জানোভনা পেইমুৰু ( Elze Janovna Paemurru), জন্ম: ৩০ মাৰ্চ ১৯১৭ চন আৰু মত্যু: ১৪ জুন ১৯৯৫ চন, যি এলছ আৰ্নে নামেৰেও পৰিচিত; ছোভিয়েট ইউনিয়নৰ সময়ত এগৰাকী ইষ্ট'নিয়ান সুৰকাৰ, পিয়ানোবাদক আৰু শিক্ষাবিদ আছিল।১
জীৱন আৰু কেৰিয়াৰ
১৯১৭ চনৰ ৩০ মাৰ্চ তাৰিখে ৰাছিয়ান সাম্ৰাজ্যৰ (বৰ্তমান ইউক্ৰেইন) মাকিভকাত এলজে জানোভনা পেইমুৰুৰ জন্ম হৈছিল; তেওঁৰ আন নাম আছিল এলছ আৰ্নে।১ ১৯৩৯ চনত গুস্তাভ আৰ্নেছাকছৰ পৰা শিক্ষাৰ পিছত সংগীত শিক্ষক হিচাপে, ১৯৪২ চনত গুস্তাভ আৰ্নেছাকছৰ সৈতে পিয়ানোবাদক হিচাপে আৰু ১৯৪৬ চনত হাইনো এলাৰৰ অধীনত সুৰকাৰ হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে।২৩
১৯৪৪ চনৰ পৰা ১৯৭৪ চনলৈকে আৰ্নে টালিন কনজাৰ্ভেটৰীত সংগীত তত্ত্বৰ ওপৰত বক্তৃতা প্ৰদান কৰে।৪ ১৯৯৫ চনৰ ১৪ জুনত তেওঁৰ মৃত্যু হয়।২
এলছ্ অন্যান্য বিষয়ৰ লগতে চেম্বাৰ মিউজিক সুৰকাৰ হিচাপে বিখ্যাত আছিল (ভায়লনচেলো আৰু ডাবল-বেছৰ বাবে ৰচনা কৰাটো পছন্দ কৰিছিল); ইয়াৰ উপৰিও তেওঁ দুটা চিম্ফনী লিখিছিল।১৪
তথ্যসূত্ৰ
- ↑ Cohen, Aaron I. (1987). ((International Encyclopedia of Women Composers)). R. R. Bowker. পৃ. 1. ISBN 978-0-9617485-2-4
- ↑ Aarne, Els (New Website). Estonian Music Information Centre
- ↑ Scott, Pfitzinger. (2017). Composer Genealogies: A Compendium of Composers, Their Teachers, and Their Students. Rowman & Littlefield. পৃ. 1. ISBN 978-1-4422-7224-8
- ↑ Els Aarne (Old Website). Estonian Music Information Centre
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলজে জানোভনা পেইমুৰু” প্ৰবন্ধৰ সংশোধন ৫০৭৩৮২ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।