জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
উমৰজী অনুৰাধা
উমাৰজী অনুৰাধা (তেলেগু: ఉమర్జీ అనూరాధ, Umarji Anuradha) এগৰাকী ভাৰতীয় তেলেগু ভাষাৰ লেখক। তেওঁক তেলেগু চলচ্চিত্ৰ আৰু সাংবাদিকতা ক্ষেত্ৰত কৰা কামৰ বাবে জনা যায়।
-
উষা চৌধুৰী
উষা প্ৰকাশ চৌধুৰী (Usha Prakash Choudhari; জন্ম: ১৯৪২) এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ৷তেওঁ দুবাৰকৈ আমৰাৱতীৰ সাংসদ হৈছিল। তেওঁ লিখা প্ৰায় শতাধিক কবিতা প্ৰকাশ পাইছে।
-
উষা বৰঠাকুৰ
ঊষা বৰঠাকুৰ ( Usha Barthakur) কুৰি শতিকাৰ প্ৰাৰম্ভতে জন্ম গ্ৰহণ কৰা এগৰাকী কংগ্ৰেছ কৰ্মী আৰু স্বাধীন ভাৰতত দুবাৰো ৰাজ্যৰ বিধান সভাৰ সদস্য পদ পোৱাৰ লগতে ৰাজ্যসভাৰো সদস্য পদ লাভ কৰিছিল৷ তেওঁ অসমৰ প্ৰথম মহিলা বিধায়ক আৰু প্ৰথম মহিলা মন্ত্ৰী।
-
উষা মীনা
উষা মীনা (: Usha Mena; জন্ম: ১ জুলাই ১৯৪৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ ৰাজস্থান ৰাজ্যৰ সাৱাই মাধোপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সংসদ সদস্য।
-
উৰাণী ৰুম্বো
উৰাণী ৰুম্বো ( Urani Rumbo; ২০ জানুৱাৰী ১৮৯৫ – ২৬ মাৰ্চ ১৯৩৬) এগৰাকী আলবেনিয়ান নাৰীবাদী, শিক্ষয়িত্ৰী আৰু নাট্যকাৰ আছিল। তেওঁ আলবেনিয়াৰ মহিলাৰ অধিকাৰৰ প্ৰসাৰৰ বাবে বিভিন্ন সংস্থা প্ৰতিষ্ঠা কৰিছিল, ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ সংগঠন আছিল আলবেনিয়াৰ প্ৰথম বিশিষ্ট নাৰীবাদী সংগঠনসমূহৰ ভিতৰত অন্যতম…
-
উৰ্ফি জাভেড
উৰ্ফি জাভেদ এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। এ এল টি বালাজীত প্ৰচাৰিত "বৰে ভৈয়া কী দুলহানিয়া" ধাৰাবাহিকত অবনী পন্তৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। তদুপৰি ব্যতিক্ৰমী সাজ-সজ্জাৰ বাবে তেওঁ সততে চৰ্চাত থকা দেখা যায়।
-
উৰ্বশী গোৰিয়া
উৰ্বশী দেৱী গোৰিয়া (জন্ম: ৮ জানুৱাৰী ১৯৯৯) এগৰাকী মৰিছিয়ান মডেল, উদ্যোগী আৰু সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, যিয়ে মিছ মৰিছাছ ২০১৮ উপাধি লাভ কৰিছিল। তেওঁ মৰিছিয়াছক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিছিল আৰু ইউনিচেফত VOY হিচাপে সক্ৰিয় সদস্য।
-
উৰ্মিলা সত্যনাৰায়ণ
উৰ্মিলা সত্যনাৰায়ণ ( Urmila Satyanarayana ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। ভাৰতনাট্যমৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা সেৱাৰ বাবে ২০২৩ চনত তেওঁক সংগীত নাটক একাডেমী বঁটাৰে পুৰস্কৃত কৰা হয়।
-
ঊনকোটি
ঊনকোটি ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ঊনকোটি জিলাৰ কৈলাসহৰ মহকুমাত অৱস্থিত এক পুৰাতত্ত্বিক আৰু শৈৱ উপাসনাৰ স্থান। বিশাল শিলত কটা মূৰ্তি, সকাহেৰে পৰিপূৰ্ণ ই এক প্ৰাচীন উপাসনাস্থলী আৰু ত্ৰিপুৰা ৰাজ্যৰ অন্যতম মুখ্য পৰ্যটনস্থলী।
-
ঊষা থোৰাট
ঊষা থোৰাট (Usha Thorat; জন্ম ২০ ফেব্ৰুৱাৰী ১৯৫০)-এ ২০০৫ চনৰ ১০ নৱেম্বৰৰ পৰা ২০১০ চনৰ ৮ নৱেম্বৰলৈকে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই) (ভাৰতৰ কেন্দ্ৰীয় বেংক)ৰ উপ-গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ আৰবিআইৰ কাৰ্যবাহী সঞ্চালক আছিল।
-
ঋতিকা হুডা
ঋতিকা হুডা (ইংৰাজী: Reetika Hooda) হাৰিয়ানাৰ এগৰাকী ভাৰতীয় ফ্ৰীষ্টাইল মল্লযুঁজাৰু।
-
এ কে প্ৰেমজম
এ কে প্ৰেমজম (জন্ম ১২ আগষ্ট ১৯৩৮) এগৰাকী ভাৰতীয় সংসদ সদস্য আৰু সমাজকৰ্মী।
-
এ. নাফিসাথ বিবি
এ. নাফিসাথ বিবি (১৯২৪–২০১৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ ১৫ মাৰ্চ ১৯৬০ৰ পৰা ১০ ছেপ্টেম্বৰ ১৯৬৪লৈকে কেৰালা বিধানসভাৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নাফিসাথ বিবিৰ জন্ম হৈছিল ২২ মাৰ্চ ১৯২৪ তাৰিখে, তেওঁৰ পিতৃ আছিল আব্দুল কৰিম আৰু মাতৃ হাৱা উম্মা।
-
এই এই
এই এই (বাৰ্মিজ ভাষা: အိအိ (অি অি); জন্ম: ১৪ নৱেম্বৰ ১৯৬৫) এগৰাকী বাৰ্মিজ (ম্যানমাৰৰ) গায়িকা। ১৯৯০ চনৰ দশকত তেওঁ জনপ্ৰিয় গায়িকা আছিল আৰু কাৰিঅ'ক সংগীতৰ ক্ষেত্ৰত বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ গায়ক জাৰ্লি নায়িং আৰু থিৰি কো কোৰ সৈতে একেলগে সংগীত পৰিবেশন কৰে।
-
এচ বৰলক্ষ্মী
চৰিদে বৰলক্ষ্মী (Saridey Varalakshmi; ১৩ আগষ্ট ১৯২৫ – ২২ ছেপ্টেম্বৰ ২০০৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী, যিয়ে তেলেগু আৰু তামিল ভাষাৰ ছবিত কাম কৰিছিল।
-
এছ নৰ্মদা
এছ নৰ্মদা ( S. Narmada; ২২ ছেপ্টেম্বৰ ১৯৪২ – ৩০ মাৰ্চ ২০০৭) জনপ্ৰিয়ভাৱে তেওঁ গুৰু নৰ্মদা নামেৰে পৰিচিত। নৰ্মদা কৰ্ণাটকৰ এগৰাকী ভাৰতনাট্যমৰ প্ৰতিপাদক আৰু গুৰু আছিল।
-
এডিথ হেলেন পল
এডিথ হেলেন পল (Edith Helen Paull; ১৪ জানুৱাৰী ১৯০২ – ১৯৭৫) ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটিৰ সৈতে জড়িত উত্তৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় চিকিৎসা নাৰ্ছ আছিল।
-
এডৱাৰ্ড ডব্লিউ ক্লাৰ্ক
এডৱাৰ্ড ডব্লিউ. ক্লাৰ্ক (১৯ শতিকা) অসমলৈ অহা এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনেৰী। শিৱসাগৰৰ প্ৰধান পাদুৰীৰ দায়িত্ব বহন কৰিছিল ১৮৬৯ চনৰপৰা ১৮৭৬ চনলৈ। ১৮৭২ চনত নগা পাহাৰলৈ গৈ গাৰো, নগা আৰু চাহ বনুৱা সকলৰ মাজত ধৰ্ম প্ৰচাৰ কৰিছিল। সম্ভৱত: ১৮৭৩-৭৫ চনৰ সময়চোৱাত 'অৰুণোদই' সম্পাদনা কৰিছিল।
-
এণ্টনিন দ্ভাৰাক
এণ্টনিন দ্ভাৰাক (Antonín Leopold Dvořák; ৮ ছেপ্টেম্বৰ ১৮৪১ – ১ মে' ১৯০৪) আছিল এজন বিখ্যাত চেক সংগীতকাৰ। তেওঁ ইউৰোপীয় ৰোমাণ্টিক যুগৰ অন্যতম শ্ৰেষ্ঠ সংগীতসৃষ্টি কৰ্তা হিচাপে গণ্য। তেওঁৰ সংগীতত বোহেমিয়ান (চেক) লোকসংগীতৰ প্ৰভাৱ উল্লেখযোগ্য।
-
এন পি ঝান্সী লক্ষ্মী
এন পি ঝান্সি লক্ষ্মী (N. P. Jhansi Lakshmi; ২০ অক্টোবৰ ১৯৪১ – ১৯ ডিচেম্বৰ ২০১১) অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ৰাজনীতিবিদ আছিল৷ তেওঁ অষ্টম লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু অন্ধ্ৰ প্ৰদেশ বিধানসভাত এটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল।
-
এনমেৰী গ্ৰুৱেল
এনমেৰী গ্ৰুৱেল (১৩ জুন ১৯৩৫ – ২৭ ফেব্ৰুৱাৰী ১৯৯৮) এগৰাকী ডাচ চিনেটৰ, শিক্ষাবিদ আৰু স্তম্ভলেখক আছিল। তেওঁ এগৰাকী মুকলিভাৱে লেচবিয়ান ৰাজনীতিবিদ আছিল। গ্ৰুৱেল সাধাৰণতে লেবাৰ পাৰ্টিৰ কংগ্ৰেছসমূহৰ সভানেত্ৰী আছিল। ১৯৮২ চনত তেওঁ ডি গ্ৰুৱেন আমষ্টাৰডামাৰৰ স্তম্ভলেখক হয়।
-
এনি মৌড নৰ্টন বেটেল
এনি মৌড নৰ্টন বেটেল (Annie Maude Norton Battelle) (২৬ জানুৱাৰী, ১৮৬৫ - ২৩ মাৰ্চ, ১৯২৫) এগৰাকী ভোটাধিকাৰী আৰু লোকহিতৈষী আছিল। ১৯১৮ চনত স্বামীৰ মৃত্যুৰ পিছত ৰিপাব্লিকান দলৰ বেটেলে ৰাজনৈতিকভাৱে অতি সক্ৰিয় হৈ পৰে।
-
এন্নে গ্ৰীনাফ
এন্নে গ্ৰীনাফ (জন্ম ১৯৫৪ চনৰ আগষ্ট মাহত নিউকেষ্টল আপন টাইনত) তেওঁ এজন ব্ৰিটিছ নৱজাতক বিশেষজ্ঞ আৰু অকাল জন্মৰ পাছত দীৰ্ঘদিনীয়া হাওঁফাওঁৰ ৰোগৰ উৎপত্তি, চিহ্নিতকাৰী আৰু ব্যৱস্থাপনাৰ সৈতে জড়িত কামৰ জৰিয়তে ক্লিনিকেল আৰু একাডেমিক নৱজাতক বিজ্ঞানৰ গৱেষণাৰ বাবে আটাইতকৈ উল্লেখযোগ্য।
-
এন্নে লুমছডেন
এন্নে লুমছডেন এগৰাকী প্ৰাক্তন ভাৰতীয় মহিলা ফিল্ড হকী খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা হকী দলৰ সদস্য আছিল। ১৯৬১ চনত তেওঁ প্ৰথমগৰাকী ভাৰতীয় হকী খেলুৱৈ আছিল যিয়ে অৰ্জুন বঁটা লাভ কৰিছিল। তেওঁ এগৰাকী ফৰৱাৰ্ড খেলুৱৈ আছিল।
-
এন্নেমেট কুৰে এণ্ডাৰচন
এন্নেমেট কুৰে এণ্ডাৰছন ( Annemette Kure Andersen) এগৰাকী ডেনিছ কবি আৰু সাহিত্য সম্পাদক। তেওঁৰ কবিতা ইংৰাজীকে ধৰি কেইবাটাও ভাষালৈ অনুবাদ কৰা হৈছে। তেওঁৰ জন্ম হৈছিল ১৯৬২ চনত।
-
এপল্টন হাও ডেনফ'ৰ্থ
এপল্টন হাও ডেনফ'ৰ্থ ১৯ শতিকাত অসমলৈ আহি বসবাস কৰা এগৰাকী আমেৰিকান। ১৮৪৮ চনত অসমৰ গুৱাহাটীলৈ আহে। ১৮৫৫ চনত দুবছৰমান শিৱসাগৰত থাকি পুনৰ গুৱাহাটীলৈ আহে। ১৮৫৭ চনৰ ভাৰতৰ প্ৰথম স্বাধীনতা বিদ্ৰোহৰ কালত মিলিটেৰী কুচ-কাৱাজ কৰিছিল। ১৮৫৫-৫৬-আৰু ৫৭ চনৰ জানুৱাৰী মাহলৈ 'অৰুণোদই' কাকতৰ সম্পাদক আছিল।
-
এবি এলিয়ট
এবিগেইল এলিয়ট (ইংৰাজী: Abby Elliott; জন্ম: ১৬ জুন, ১৯৮৭) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু ধেমেলীয়া অভিনেতা। তেওঁ ২০০৮ চনৰপৰা ২০১২ চনলৈ এনবিচিৰ স্কেটচ কমেডী ধাৰাবাহিক চেটাৰডে নাইট লাইভৰ এগৰাকী শিল্পী আছিল।
-
এবে ব্ৰুকছ
এবে ব্ৰুকছ (ডেট্ৰইট, মিচিগান; ১৭ ফেব্ৰুৱাৰী ১৯৮৩) এগৰাকী অশ্লীল চলচ্চিত্ৰৰ অভিনেত্ৰী তথা মাৰ্কিন নাগৰিক। তেওঁ লেচবিয়ান দৃশ্যত অধিক উৎসাহী; যদিও তেওঁৰ অভিষেক হৈছিল স্তনৰ সহায়ত কৰা হস্তমৈথুন দৃশ্যৰ বাবে। তেওঁ Bang Bros, Reality Kings, Brazzers আদি সংস্থাত কাম কৰিছে।
-
এমচিএনডি (সংগীত গোট)
এমচিএনডি (কোৰিয়ানঃ 엠씨엔디; হৈছে "Music Creates New Dream") ৰ সংক্ষিপ্ত ৰূপ হৈছে টি.অ’.পি মিডিয়া দ্বাৰা গঠিত দক্ষিণ কোৰিয়াৰ এটা বয় বেণ্ড দলটোৰ পাঁচজন সদস্য আছেঃ কেচল জে, বিক, মিনজে, হুইজুন, আৰু উইন। তেওঁলোকে 27 ফেব্ৰুৱাৰী, 2020-ত সম্প্ৰসাৰিত নাটক ই. পি. আই.
-
এমিলি আৰ্মষ্ট্ৰং
এমিলি মাৰ্চিয়া আৰ্মষ্ট্ৰং (Emily Marcia Armstrong; জন্ম: ৬ মে', ১৯৮৬) এগৰাকী আমেৰিকান গায়িকা আৰু গীটাৰিষ্ট। তেওঁ ডেড ছাৰাৰ সহ-প্ৰতিষ্ঠাপক আছিল৷ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত লিংকিন পাৰ্ক পুনৰ সংঘবদ্ধ হোৱা মুহূৰ্তত তেওঁ মুখ্য গায়িকা হিচাপে পৰিচিত হয়৷ বেণ্ডটোৰ এই পুনৰ্মিলন তেওঁলোকৰ দীৰ্ঘদিনীয়া মুখ্য…